আৰিফ আহমেদ ,গণ বাৰ্তা, তামুলপুৰ ১০ জানুৱাৰী : সমগ্ৰ ৰাজ্যতে উৎসাহ উদ্দীপনাৰে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলি থকা সময়মতে এক ব্যতিক্ৰমী ছ...
আৰিফ আহমেদ ,গণ বাৰ্তা, তামুলপুৰ ১০ জানুৱাৰী : সমগ্ৰ ৰাজ্যতে উৎসাহ উদ্দীপনাৰে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলি থকা সময়মতে এক ব্যতিক্ৰমী ছৱিয়ে বিৰাজ কৰি আহিছে তামুলপুৰৰ কেকেৰিকুছি গাঁৱত । যোৱা দুই দশক ধৰি ভোগালীৰ উৎসাহ, আনন্দ আৰু মেজীৰ জুইৰ উত্তাপক বিসৰ্বজন দি আহিছে কেকেৰিকুছি গাঁওৰ ৰাইজে। ভোগৰ উৎসৱ ভোগালী বিহুত নাই কোনো আবেগ অনুভূতি। এদল বন্দুক ধাৰী দূৰ্বিত্তৰ দলৰ নিৰ্বচাৰ গুলি চালনাত নিৰ্বক নিসপ্ৰন্নন গাঁওবাসী । হাঁহি বোৰ ক্ষোভ আৰু কান্দনলৈ ৰূপান্তৰ হৈছিল। কেকেৰিকুছি গাঁওৰ বাবে ভোগালী বিহু মাথো এখন কলা ছৱিহে। উৰুকাৰ নিশা গাঁওবাসী উপবাসে থাকি জ্বলাই এগছিকৈ বন্তি। ১৯৯৮ চনৰ ১৩ জানুৱাৰী মঙ্গলবাৰৰ নিশা ৮-১০ মিনিটত উৰুকাৰ উলহ মালহৰ মাজতে ১৭ জন নিৰপৰাধী পুৰুষ-মহিলাক নিৰ্মমভাৱে গুলিয়াই তেজেৰে ফাকু খেলিছিল বন্দুক ধাৰি এটি দুৰ্বিত্তৰ দলে এই কেকুৰিকুছি গাওঁত । বন্দুকৰ গুলিত থকা সৰকা কৰিছিল ভোগালীত মতলীয়া হৈ থকা সহজ সৰল ১৭ টি প্ৰাণক অতি নিৰ্মমভাৱে। একেটি পৰিয়ালতে মৃত্যু হৈছিল ৬ গৰাকী সদস্য। অতিনিৰ্মম, নিষ্ঠুৰ কাহানীও ভাৱিৱ নোৱাৰা এই ঘটনাই প্ৰতিটো উৰুকাতে বেদনা সিক্ত, আবেগিক ভাৱে অন্তৰ আত্মা চুই যাই কেকুৰিকুছি ৰাইজৰ । ২৪ বছৰত ভৰি দিয়া এই হত্যা কাণ্ড এক কলা অধ্যায় হিচাপে চিহ্নিত হৈছে কেকেৰিকুছি গাঁওত। ভৱিষ্যত প্ৰজন্মৰ বাবেও ভোগালী এক সাঁথৰ হিচাপে চিহ্নিত হব কেকেৰিকুছি গাঁওত । আজিও অশ্ৰুসিক্ত নয়নৰে বন্তি জ্বলাই মৃত আত্মাৰ সদগতিৰ কামান কৰি আহিছে কেকুৰিকুছি গাঁওৰ ৰাইজে। হয়তো কাহানিও কেকুৰিকুছিত ভোগালী নাহিব। কেকুৰিকুছি গাঁওবাসীৰ বাবে এতিয়া ভোগালী এক অমাৱস্যাৰ এন্ধাৰ সনা এখনি কলা ছৱি মাথো। সেই অভিসপ্ত নিশাটিত নিহত হৈছিল হেম চন্দ্ৰ কলিতা, জয়মতী কলিতা, দ্বীপেন কলিতা, প্ৰতিমা কলিতা, হিৰণ কলিতা, নৱজিত কলিতা, কুঞ্জপ্ৰভা কলিতা, গীতাৰাণী কলিতা, ববিতা কলিতা, প্ৰমোদ কলিতা, ফেলেনী ভূঞা, গজেন ভূঞা, বিনা ভূঞা, লিপিকা কলিতা, গীতাঞ্জলি কলিতা, ধনেশ্বৰ কলিতা আৰু মহেশ্বৰ হালৈ।
No comments