মানিকপুৰ ১ জানুৱাৰী: দেশত কৰুনা মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাত বন্ধ হৈ পৰিছিল ৰাজ্যৰ বিদ্যালয় সমূহ। বহুতো জল্পনা কল্পনাৰ অন্তত নতুন বছৰৰ প্ৰ...
মানিকপুৰ ১ জানুৱাৰী: দেশত কৰুনা মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাত বন্ধ হৈ পৰিছিল ৰাজ্যৰ বিদ্যালয় সমূহ। বহুতো জল্পনা কল্পনাৰ অন্তত নতুন বছৰৰ প্ৰথম দিনাই ৰাজ্য চৰকাৰে প্ৰাৰ্থমিক বিদ্যালয় সমূহ খোলাৰ অনুমতি প্ৰদান কৰে। চৰকাৰৰ অনুমতি সাপেক্ষে কৰুনাৰ পটোকল মানি পাঠদান আৰম্ভ কৰে বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীসকলে। শ্ৰেণী কোঠাত দেখা গল চেনিটাইজাৰৰ ব্যৱস্থা। ছাত্ৰ ছাত্ৰী সকলৰ মুখত দেখা গল মাস্ক। বহু দিনৰ অন্ততঃ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সঙ্ঘ পাই উৎফুল্লিত হৈ উঠিল শিক্ষক শিক্ষয়িত্ৰী সকল। ন মহীয়া বেদনাদায়ক ইতিহাসৰ অন্ত পৰিল বুলি এক সাক্ষাৎকাৰত জনায় ১০৪৪নং বৰবিলা প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰী জগদীশ ৰায়ে। মানিকপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১০৪৪নং পূৱ বৰবিলা প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৯ মাহ পিছত বিদ্যালয়ত দেখা গল ছাত্ৰ ছাত্ৰীৰ পাঠদান। নতুন বছৰৰ প্ৰথম দিনাই বিদ্যালয়ত আহিব পাৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল আনন্দত মতলীয়া হৈ পৰে। কৰুনা মহামাৰীৰ বাবে প্ৰায় এটা বছৰ ঘৰতে থাকিব লগিয়া হৈছিল । আজি ছাত্ৰ-ছাত্ৰীক লগ পায় পূৱ বৰবিলা প্ৰাৰ্থমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে আনন্দ মনে পাঠ দান চলাই আছে।
No comments