Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছয়গাওঁৰ কান্দুলীমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ৩

  গণবাৰ্তা,সোণতলী ১৭ জানুৱাৰীঃ কালাতলী-সোণতলী পথৰ কান্দুলীমাৰীত আজি এক পথ দুৰ্ঘটনা সংঘটিত হৈ তিনিজন যুৱক গুৰুতৰভাৱে আহত হয়৷ জানিব পৰামতে গৰৈ...


 গণবাৰ্তা,সোণতলী ১৭ জানুৱাৰীঃ কালাতলী-সোণতলী পথৰ কান্দুলীমাৰীত আজি এক পথ দুৰ্ঘটনা সংঘটিত হৈ তিনিজন যুৱক গুৰুতৰভাৱে আহত হয়৷ জানিব পৰামতে গৰৈমাৰীৰ টুক্ৰাপাৰা গাঁৱৰ যথাক্ৰমে ছামছুল হকৰ পুত্ৰ আব্দুল কায়ুম, মজিবৰ আলীৰ পুত্ৰ নূৰ হুছেইন আৰু মন্তাজ আলীৰ পুত্ৰ মজনুৰ ৰহমানে আজি এ এছ-২৫ এল-৭১০০ নম্বৰৰ হুণ্ডাই ইয়ন গাড়ীৰে কালাতলী-সোণতলী গড়কাপ্তানি পথেৰে গৈ থকা অৱস্থাত দ্ৰুতবেগী বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছ এটাত খুন্দা মাৰে৷ ফলত আব্দুল কায়ুম (৩০), নূৰ হুছেইন (৩৬) আৰু মজনুৰ ৰহমান (৩৯) গুৰুতৰভাৱে আহত হয়৷ আহত তিনিওকে ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে আব্দুল কায়ুমক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷

No comments