Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দিছ্পুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয়-মুকালমুৱাত বিধায়ক আমিনুল ইছলাম

গণবাৰ্তা বিশেষ,মুকালমুৱা: ২৫ জানুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই অন্যান্য ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ এ আই ইউ ড...


গণবাৰ্তা বিশেষ,মুকালমুৱা: ২৫ জানুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই অন্যান্য ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ এ আই ইউ ডি এফেও তৎপৰ হৈ উঠা দেখা গৈছে। নলবাৰী জিলাৰ বিজেপিৰ দখলত থকা অতি স্পৰ্শকাতৰ ৬০ নং বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ মুকালমুৱাত  আজি এ আই ইউ ডি এফৰ এখন কৰ্মী সভাত উপস্থিত হৈ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কয় যে- ' দিছপুৰখন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্ৰিক সম্পত্তি নহয়,নহয় তেওঁক শহুৰেকৰ ঘৰৰ পৰা দিয়া যৌতুক"।উল্লেখ্য যে-যোৱাকালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠিত অমিত শ্বাহৰ বিজয় সংকল্প সভাখনত আজমল বাহিনীক দিছপুৰৰ পৰা ১০০ কি:মি: দূৰত সোমাব দিয়া নহব বুলি এক মন্তব্য প্ৰকাশ কৰিছিল।আৰু উক্ত মন্তব্যৰ পিছতেই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।আজি প্ৰভাৱশালী মন্ত্ৰী গৰাকীৰ তেনে মন্তব্যক উভতি ধৰি এইদৰে কয় আমিনুল ইছলামে।লগতে ইছলামে পুনৰ কয় যে- বিজেপিয়ে বহু হেজাৰ কোটি টকা ধাৰত পোট খুৱাই ৰাজ্যত অপশাসন কৰি চৰম দুৰ্নীতিৰে উপায়ন্তৰ হৈ ৰাজ্যবাসীৰ ওচৰত এতিয়া মুখ দেখুৱাব নোৱাৰি সাম্প্ৰদায়িক মন্তব্যৰে কংগ্ৰেছ,এ আই ইউ ডি এফৰ অপপ্ৰচাৰ আৰম্ভ কৰিছে।আগন্তুক নিৰ্বাচনত ৰাইজে সঠিক উত্তৰ দিব।এফালে  দেশৰ প্ৰধান মন্ত্ৰীক চোকা সমালোচনা কৰি পুনৰ বিধায়ক গৰাকীয়ে  জেৰেঙা পথাৰত সেৰেঙা উপস্থিতিত সেৰেঙা ভাষন দি মোদী গুছি যোৱা বুলিও উল্লেখ কৰে।তদুপৰি কংগ্ৰেছ এ আই ইউ ডি এফে মিত্ৰতাৰ জড়িয়তে আগন্তুক নিৰ্বাচনত ৭০খনতকৈ অধিক আসন লাভ কৰিব বুলি মতপোষন কৰে।চাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ কৰ্মীসভাত উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে তদ্ৰূপ সমালোচনাৰে বক্তব্য আগবঢ়াই  নাওবৈচা সমষ্টিৰ বিধায়ক তথা এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক ইমদাদুল হক চৌধুৰীয়ে।ভাৰত বৰ্ষৰ ইতিহাসত নৰেন্দ্ৰ মোডীৰ দৰে মিছা কথা কোৱা প্ৰধানমন্ত্ৰী নাই বুলি মন্তব্য কৰে নাওবৈছাৰ বিধায়ক গৰাকীয়ে।লগতে বৰক্ষেত্ৰী সমষ্টিৰ এ আই ইউ এফৰ টিকট প্ৰত্যাশী চম্পক কলিতাক বিধায়কৰ আসনত বহুৱাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগ কামনা কৰে। আজিৰ সভাত  এ আই ইউ ডি এফৰ ভিন্ন পৰ্যায়ৰ বিষয় ববীয়া সহ তিনিশতাধিক লোকৰ উপস্থিতি পৰিলক্ষিত হয়।


No comments