Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজুলীত যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান কাৰ্যসূচী

  গণ বাৰ্তা, ফুলনি, ০৯  জানুৱাৰী: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত মাজুলী জিলা সমিতিৰ উদ্যোগত "কা" বাতিল আৰু আন্তঃৰাজ্যিক ...

 


গণ বাৰ্তা, ফুলনি, ০৯  জানুৱাৰী: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত মাজুলী জিলা সমিতিৰ উদ্যোগত "কা" বাতিল আৰু আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰবৰ্তন দাবীত আজি কমলাবাৰীত  এক বৃহৎ গন অৱস্থান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুস্থানত উপস্থিত থাকে  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ সভাপতি মুন্নীন্দ্ৰ ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অলিন হাজৰিকা, সদৌ মাজুলী জিলা ছাত্র সন্থাৰ সভাপতি অজিত হাজৰিকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰবিত্ৰ গোস্বামী, আৰু জিলাৰ সম্পাদক বিতুপন শৰ্মা, অনুস্থান টি আঁত ধৰে যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰবিত্ৰ বৰাই, সভাপতি মূন্নীন্দ্ৰ ভূঞাই   সেই অনুস্থানতিৰ পৰাই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকিয়াই কয় যে অসমীয়াই কোনো কালে "কা"  মনা নাই আৰু নামানে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৰ্বৰ দাবী অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবৰ বাবে চৰকাৰে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই। ইয়াৰ পিছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অলিন হাজৰিকা ক'ৰণা মহামাৰিৰ পিছত বৰ্তমানে গা কৰি উঠা এই গণ আন্দোলনত সকলো ৰাইজৰে সহযোগিতা বিছাৰি বক্তব্য প্ৰদান কৰে।ইয়াৰ পিছতে ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰবিত্ৰ গোস্বামীয়ে মন্তব্য কৰে যে অসমৰ ৰাইজক লগত লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাই এই আন্দোলন পৰবৰ্তী পয্যায়ত আধিক শক্তিশালী ভাৱে আগুৱাই যাবলৈ ৰাইজক আহ্বান জনাই।ইয়াৰ পিছতে মাজুলী জিলাৰ সভাপতি অজিত হাজৰিকাই ক্ৰমে ৰাইজক উদ্দেশ্যি ভাসন প্ৰদান কৰে।

No comments