ইন্দাদুল হক,ছিপাঝাৰ,১ জানুৱাৰী: শিক্ষকে সমাজ গঢ়ে।যি সমাজে পোহৰাই তোলে ৰাজ্য তথা দেশক। কিন্তু আশ্বৰ্যজনক ভাবে এই সমাজ গঢ়া শিক্ষকৰ অমনোয...
ইন্দাদুল হক,ছিপাঝাৰ,১ জানুৱাৰী: শিক্ষকে সমাজ গঢ়ে।যি সমাজে পোহৰাই তোলে ৰাজ্য তথা দেশক। কিন্তু আশ্বৰ্যজনক ভাবে এই সমাজ গঢ়া শিক্ষকৰ অমনোযোগিতা, চৰম গাফিলতিৰ বাবে মানুহ গঢ়া, সমাজ গঢ়া কমাৰশাল সদৃশ বিদ্যালয় যদি মৃত্যু মুখত পৰে ই সমাজৰ বাবে বাৰু কেনেধৰণৰ কথা হ'ব পাৰে।এনে এখন বিদ্যালয় ছিপাঝাৰ খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ চেঙেলীয়াঝাৰ প্ৰাথমিক বিদ্যালয়ৰ কথাকে ক'ব পাৰি। ছিপাঝাৰত ইতিপূৰ্বে ষোল্লখনকৈ প্ৰাথমিক বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ অভাৱত বিভাগে তলাবন্ধ কৰিবলগীয়া হোৱাৰ পিছত একে পথত চেঙেলীয়াঝাৰ প্ৰাথমিক বিদ্যালয়খনো ছাত্ৰ ছাত্ৰীৰ অভাৱত তলাবন্ধ হোৱাৰ পৰিৱেশ সৃষ্টি হোৱাত বিদ্যালয়খনত নৱ নিযুক্ত দুই শিক্ষক আৰু শিক্ষাপ্ৰেমী কেইগৰাকী লোকৰ আপ্ৰাণ চেষ্টাত পুনৰ আগৰ দৰে প্ৰাণ পাই জীয়াই উঠিল মৃত্যুৰ দিশে গতি লোৱা সমাজক জ্ঞানৰ বন্তিৰে পোহৰাই তোলা বিদ্যামন্দিৰখন। ১ জানুৱাৰী নৱবৰ্ষৰ প্ৰথম দিনটোত পুৱাতেই অভিভাৱক সকলে নিজৰ সন্তানক নাম ভৰ্তি কৰাবলৈ জ্ঞানৰ পোহৰ বিলাবলৈ ঠনধৰি উঠা চেঙেলীয়াঝাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ ওচৰত হেতা- ওপৰা লগাই ছাত্ৰ ছাত্ৰী সকলে।লক্ষণীয় যে বিদ্যালয়খনৰ ওচৰতে থকা জাতীয় বিদ্যালয়ৰ বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীক অভিভাৱক সকলে উলিয়াই আনি চৰকাৰী খণ্ডৰ বিদ্যালয়ত নাম ভৰ্তি কৰোৱাৰ কথাই এতিয়াও যে ভাল শিক্ষক, ভাল পৰিৱেশ থকা চৰকাৰী বিদ্যালয়ৰ প্ৰতি যে অভিভাৱক সকলৰ আস্থা আছে তাক প্ৰতিপন্ন কৰিছে।নতুন বছৰৰ প্ৰথম দিনটোতেই শিক্ষকদ্বয়ে ছাত্ৰ ছাত্ৰী সকলক হাতে হাতে কলম, ববী তুলি শুভেচ্ছা জনাই প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীৰ মূৰত হাত দি আশীৰ্বাদো জনায়। নিজ সন্তানক লৈ বিদ্যালয়ত উপস্থিত থকা পুষ্প চলিহা, ভবেন্দ্ৰ বৰদলৈ,আজিবুল হক, আজু আলি, হৰমোহন চলিহা,কাছিম আলিকে ধৰি ভালে সংখ্যক লোক ।অন্য বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক হাজী আব্বাছুদ্দিন আহমেদ, বিশিষ্ট ব্যৱসায়ী ৰেজাউল হক, ইন্দাদুল হকো উপস্থিত আছিল। উল্লেখ্য যে ভৰ্তিৰ আগেয়ে বিদ্যালয় উন্নয়ন সমিতিৰ সভাপতি প্ৰবীন বৰুৱাই ফিটা কাটি আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰে।
No comments