গণবাৰ্তা কেওঁটকুছি, ২২ জানুৱাৰী: নৱ প্ৰজন্মৰ ভোটাৰৰ মাজত সঠিক ভোটদানৰ বাবে সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আজি জিল...
গণবাৰ্তা কেওঁটকুছি, ২২ জানুৱাৰী: নৱ প্ৰজন্মৰ ভোটাৰৰ মাজত সঠিক ভোটদানৰ বাবে সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। বৰপেটাৰ মাধব চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক দল পাঠকৰ তদাৰকীত আয়োজিত এই কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে সৰুপেটাৰ বি এইছ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বিৰিঞ্চি কুমাৰ দাসে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে মহাবিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে হাউলীৰ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ে। চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ে দ্বিতীয় স্থান আৰু সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ে তৃতীয় স্থান লাভ কৰে। একেদৰে বিদ্যালয় শাখাত ভেল্লাৰ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰথম, বৰপেটাৰ ছেন্ট টেৰেছা স্কুলে দ্বিতীয় আৰু চাকিৰ ভিঠা উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাত বৰপেটা জিলাৰ ১২ খন মহাবিদ্যালয় আৰু ১৩ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। অতিৰিক্ত উপায়ুক্ত ৰাজীৱ দাসে পুৱা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা এই কুইজ প্ৰতিযোগিতাখন পৰিচালনাত নগাঁৱৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অধ্যাপক ভৱজিৎ বায়ন আৰু সৰ্বশিক্ষাৰ জিলা প্ৰকল্প বিষয়া নিৰঞ্জন ওজায়ো পূৰ্ণ সহযোগ আগবঢ়ায়। বিজয়ী সকলক অহা ২৮ জানুৱাৰীত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহতে অনুষ্ঠিত হব লগীয়া আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ অন্তত পুৰষ্কাৰ বিতৰণ কৰা হব। তদুপৰি একেদৰেই উচ্চ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্য্যায়তে অহা ২৫ জানুৱাৰীৰ দিনা থিতাতে ছবি অকাঁ প্ৰতিযোগিতাও অনুষ্ঠিত হব বুলি জনসংযোগ বিষয়াই জনাইছে। মূলত আগন্তক বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি নতুন প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যই এই ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
No comments