Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লখিমী কবি থানেশ্বৰ বৰাৰ ৭১সংখ‍্যক ওপজা দিনত অনুৰাগীৰ ওলগ

  ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট,  ২৪ জানুৱাৰী:  ষ্টুডেন্ত হেল্পলাইনৰ উদ‍্যগত, লিচুবাৰীস্থিত  সাৰথি বৃদ্ধাশ্ৰম প্ৰাংগণত শনিবাৰে লখিমী কবি থানেশ্বৰ ব...


 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২৪ জানুৱাৰী: ষ্টুডেন্ত হেল্পলাইনৰ উদ‍্যগত, লিচুবাৰীস্থিত  সাৰথি বৃদ্ধাশ্ৰম প্ৰাংগণত শনিবাৰে লখিমী কবি থানেশ্বৰ বৰাৰ ৭১ সংখ‍্যক ওপজা দিন বৰ্ণাঢ‍্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । তদুপলক্ষে সাৰথি বৃদ্ধাশ্ৰমৰ আইসকলৰ দ্বাৰা শিল্পী যোগেন নেওগৰ ৰচিত এটি সমৱেত সংগীতে শুভাৰম্ভ কৰা অনুষ্ঠানত লখিমী কবি থানেশ্বৰ বৰাৰ স্ব- ৰচিত এটি কবিতা আবৃত্তিয়ে কবি গৰাকীলৈ জন্ম দিনৰ উপহাৰ দিয়ে অনুৰাগী কবি ষ্পন্দিতা বৰুৱাই।অনুষ্ঠানতেই প্ৰকৃতি সংস্হা  নিমপুলিৰ মুখ‍্য তত্বাৱধায়ক লখিমী কবি গৰাকীক প্ৰকৃতিৰ তৰফৰ পৰা এখনি চেলেং চাদৰে জন্ম দিনৰ শুভেচ্ছা জনায়।প্ৰকৃতি সংস্হা নিমপুলিৰ প্ৰচাৰক লক্ষেশ্বৰ গগৈ ওৰফে লক্ষ্য চাং গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত ষ্টুডেন্ত হেল্পলাইনৰ সম্পাদক মহম্মদ আবুল কালামৰ উপস্হিতিত লখিমী কবি গৰাকীয়ে নিজেই কেক কাটি আবেগিক হয় আৰু অনুৰাগী সকলক কৃতজ্ঞতা জনায়।লগতে অনুষ্ঠানত উপস্হিত থকা বহু বিশিষ্ঠ ব‍্যক্তিয়ে কবি গৰাকীৰ বিগত দিনৰ কৰ্মৰাজিৰ স্মৃতি ৰোমন্ঠন কৰে।কবি গল্পকাৰ লক্ষ্য চাং গগৈৰ ৰচিত উপন্যাস "আকাশত নীৰলে এটি তৰা ফুল ফুলে "গ্ৰন্থ খনি লখিমী কবিলৈ জন্মদিনৰ উপহাৰ প্ৰদান কৰে।গ্ৰন্থ খনি উন্মোচন কৰে  থানেশ্বৰ বৰাই।লগতে জন্মদিনত এখনকৈ গ্ৰন্থ প্ৰকাশ কৰি উন্মোচন কৰাৰ সংকল্প লয় লক্ষ্য গগৈয়ে।অনুষ্ঠানতেই লখিমী কবি গৰাকীয়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে মাজুলীৰ দক্ষিণ পাট সত্ৰ আৰু আকাশবাণী যোৰহাট কেন্দ্ৰলৈ  জন্মদিনৰ উহাৰ স্বৰূপে পাঁচটিকৈ নিম পুলি আগবঢ়ায়।লগতে স্বৰচিত এটি কবিতা আবৃত্তিয়ে উপস্হিত ৰাইজক আপ্লুত কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমৰ মুখ‍্য পৰিচালিকা মল্লিকা ৰহমানেও এটি কবিতাৰে লখিমী কবি গৰাকীৰ দীৰ্ঘায়ু কামনা কৰে। অনুষ্ঠানত ভালেসংখ‍্যক ৰাইজ, বিশিষ্ট  সাংবাদি ৰমেন শইকীয়া , বিনোদ গগৈ, সমাজ কৰ্মী অৰিফা জামান , ত্ৰিশূল বৰা,  , এম ৰফিক হুছেইনকে প্ৰমুখ্যে কৰি বহু কৰি গৰাকী বিশিষ্ট লোকে  অংশগ্ৰহণ কৰি কবিগৰাকীলৈ ওপজা দিনৰ ওলগ জনায়। উক্ত অনুষ্ঠানতেই চিত্ৰাংকণ প্ৰতিযোগিতাত বিজেতা সকলক হেল্পলাইনৰ তৰফৰ পৰা মান পত্ৰ,ট্ৰফিৰে  পুৰস্কৃত কৰে।লগতে উপস্হিত বিশিষ্ট ব‍্যক্তি ,অনুৰাগী সকলে বিহু পৰিৱেশনে সাৰথিৰ আইসকলক উৎসাহিত কৰে।


No comments