গণবাৰ্তা , আজাৰা, ৭ জানুৱাৰী: আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই মহানগৰীত দেশী -বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চল...
গণবাৰ্তা , আজাৰা, ৭ জানুৱাৰী: আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই মহানগৰীত দেশী -বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে ।আজি পুৱাৰ ভাগত কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই বশিষ্ঠ থানাৰ অন্তৰ্গত চাংমাইঘুলি , আই এছ বি টি আৰু জটীয়া অঞ্চলত চুলাই মদ প্ৰস্তুত কৰা ভাটীত এক বৃহৎ অভিযান চলায় । সশস্ত্ৰ আৰক্ষী বাহিনীৰ সহযোগত চলোৱা অভিযানত চাংমাইঘুলি পাহাৰত ১২ টা চুলাই মদ প্ৰস্তুত কৰা বৃহৎ ভাটী ধ্বংস কৰা হয় । অৱশ্যে অভিযানৰ উমান পায়ে চুলাই মদ প্ৰস্তুত কৰা কাৰ্যৰ লগত জড়িত দুষ্কৃতিকাৰী সকল পলাই যাবলৈ সক্ষম হয় । অভিযানকাৰী দলটোৱে ভাটী সমূহৰ পৰা চুলাই প্ৰস্তুত কাৰ্যত ব্যবহাৰ হোৱা ১১,৮০০ লিটাৰ পাছ , ৪০ টা ড্ৰাম , ৬০-টা বিভিন্ন প্ৰকাৰৰ সা-সঁজুলি আৰু ১২৫ লিটাৰ চুলাই জব্দ কৰি নষ্ট কৰিবলৈ সক্ষম হয় ।
No comments