গণবাৰ্তা মহানগৰ সেৱা, ২৬ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন বিভিন্ন প্ৰান্তত উদযাপন হয় গণৰাজ্য দিৱস। সেই উপলক্ষে পামহীস্থিত ভাৰতত ব্য...
গণবাৰ্তা মহানগৰ সেৱা, ২৬ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন বিভিন্ন প্ৰান্তত উদযাপন হয় গণৰাজ্য দিৱস। সেই উপলক্ষে পামহীস্থিত ভাৰতত ব্যতিক্ৰমী ব্যৱস্থাৰে শিক্ষাদান কৰা পাৰিজাত একাডেমীত গুৱাহাটী গ্ৰুপ হেডকোৱাৰ্টাৰ এন চি চিৰ এলুমনি এছ'চিয়েচনয়ে ৭২তম গণৰাজ্য দিৱস উদযাপন কৰে। পুৱা পতাকা উত্তোলন কৰে পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক উত্তম টেৰনে। প্ৰাক্তন এন চি চিৰ এলুমনি এছ'চিয়েচনৰ সদস্য সকলক শিক্ষক সকলে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। জন্মলগ্নৰে পৰা ব্যতিক্ৰমী পদ্ধতিৰে আগবঢ়া প্ৰাক্তন এন চি চিৰ সংগঠনটোৱে গণৰাজ্য দিৱস লগত সংগতি ৰাখি এইবেলি বস্ত্ৰদান কাৰ্য্যসূচী পাৰিজাত একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ মাজত ৰূপায়ন কৰে। গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি মুকলি ভাষন দিয়ে প্ৰতিষ্ঠাপক উত্তম টেৰণ লগতে মুখ্য উপদেষ্টা দণ্ডপাণি গৌড়, সন্থাৰ সভাপতি দীপক ছেত্ৰী, কাৰ্যনিৰ্বাহক সদস্য গোলাম নবী কিবৰিয়াই। পাৰিজাত একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলে দলীয় নৃত্য আৰু গীত পৰিবেশন কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তুলে। শেষত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গীত পৰিবেশন কৰি অনুষ্ঠান কাৰ্য্যসূচী সমাপ্ত কৰা হয় আৰু সন্থাৰ হৈ শলাগৰ শৰাই জ্ঞাপন কৰে অভিষেক গুপ্তাই।
No comments