গণ বাৰ্তা বিশেষ বিহালী ১৬ জানুৱাৰী : বিশ্বনাথত জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাংৰ বনাঞ্চলিক বিষয়া কাৰ্যালয় অধিনৰ বিহালীৰ ৰাংছালী-দলনী ...
গণ বাৰ্তা বিশেষ বিহালী ১৬ জানুৱাৰী : বিশ্বনাথত জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাংৰ বনাঞ্চলিক বিষয়া কাৰ্যালয় অধিনৰ বিহালীৰ ৰাংছালী-দলনী পথাৰত কোনো দুস্কৃতিকাৰীয়ে খাদ্যত কীটনাশক দ্ৰব্য মিহলাই ১০ টাকৈ পৰিভ্ৰমী চৰাই নিধন কৰে ।উল্লেখযোগ্য যে প্ৰতি বছৰে জানুৱাৰী বিহালী বিহমাৰী, বেদেতী বগুজুলি পথাৰ, বিহু মাৰী পথাৰ, কুলাগুৰি পথাৰ, শিয়ালমাৰী পথাৰলৈ জানুৱাৰী মাহত বিভিন্ন পৰিভ্ৰমী চৰাই বিহালী সমষ্টিৰ বিভিন্ন পথাৰলৈ আগমন ঘটে ।এই পৰিভ্ৰমী চৰাই চাবলৈ একাংশ লোকে কেমেৰা লৈ ফটো সংগ্ৰহ কৰাও দেখিবলৈ পোৱা যায় ।কিন্তু দুভাগ্য জনক কথাটো হ'ল বিহালী এচাম দুস্কৃতিকাৰীয়ে এই পৰিভ্ৰমী চৰাই সমুহ নিধন কৰি মাংস খাবলৈ বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি অহা পৰিলক্ষিত হৈছে ।যোৱা বছৰ বিহুমাৰী শিয়ালমাৰী পথাৰত একাংশ দুষ্টলোকে বহু পৰিভ্ৰমী চৰাই খাদ্যত কীটনাশক দ্ৰব্য মিহলি কৰি হত্যা কৰা ও দেখা গৈছিল । কিন্তু সেই সময়তে বিহালী বিভিন্ন দল সংগঠনে জানুৱাৰী ফেব্ৰুৱাৰী মাহ কেইটাত বন বিভাগৰ লোকক উক্ত অঞ্চল সমুহত প্ৰহৰা দিবলৈ দাবী জনাই আহিছিল যদিও সেয়া ফুটুকা ফেনলৈ পৰিণত হ'ল ।গুৰুত্ব নিদিলে বৰগাংৰ বন বিভাগে যাৰ ফলত পুনৰ শনিবাৰে মৃত পৰিভ্ৰমী চৰাই উদ্ধাৰ হ'ল বিহালী ৰাংছালী দলনি পথাৰত ।এচাম দুষ্ট চক্ৰই খাদ্য লগত কীটনাশক দ্ৰব্য মিহলাই পৰিভ্ৰমী চৰাই হত্যা কৰি মাংস ভক্ষণ কৰিবলৈ লোৱা ঘটনা পোহৰলৈ আহিল ।শনিবাৰে পূৱাই বিহালী ৰাংছালী দলনি একাংশ সচেতন লোকে উদ্ধাৰ কৰিলে ৰাংছালী দলনি পথাৰ মৃত ১০ টাকৈ পৰিভ্ৰমী চৰাই ।উদ্ধাৰ কৰি বৰগাংৰ বন বিভাগক খবৰ দিবলৈ বহু বাৰ চেষ্টা কৰি ও বিফল হয় ।জানিব পৰা মতে উক্ত পথাৰত উদ্ধাৰ হোৱা চৰাই সমুহ পশু চিকিৎসালয়লৈ নিবলৈ একাংশ সচেতন লোকে বৰগাং বনাঞ্চলিক বন বিষয়া ড০ ফিল্লফিলা বসুমতাৰীক তেওঁ মোবাইল ফোন বহু বাৰ ফোন কৰে যদিও তেওঁ ফোন সংগ্ৰহ নকৰা অভিযোগ উত্থাপিত হৈছে বন বিষয়া গৰাকীৰ বিৰুদ্ধে ।অৱশেষত বৰগাং বনাঞ্চলিক কাৰ্যালয় আন বন কৰ্মীক বিষয়টো অৱগত কৰে সচেতন লোকে ।উল্লেখযোগ্য যে যোৱা তিনি মাহ ধৰি বৰগাংত নতুনকৈ যোগদান কৰা বন বিষয়া গৰাকী বিভিন্ন কামত হেমাহি গাফিলতিৰ অভিযোগ উত্থাপিত হৈছে বন বিষয়া গৰাকী বিৰুদ্ধে ।আন এক অভিযোগ উঠিছে বৰগাং বনাঞ্চলিক বিষয়া গৰাকীৰ গুৰুত্ব হীন বাবে বহু দুষ্টলোকে বনজ ধংস যজ্ঞ কৰিবলৈ সুবিধা পোৱা বুলি ও আন এক গুৰুত্ব অভিযোগ উত্থাপিত হৈছে ।ইফালে এই সন্দৰ্ভত পূব শোণিতপুৰ বন সংমণ্ডল বিষয়া গৰাকীক বন বিষয়া গৰাকী হেমাহি কথা অৱগত কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছে ।আনহাতে ৰাংছালী দলনিত দুষ্টলোকে কীটনাশক দ্ৰব্য খুৱাই পৰিভ্ৰমী চৰাই হত্যা কৰা কাৰ্য সকলোৱে গৰিহণা ধিক্কাৰ দি পথাৰ সমুহত বন কৰ্মী জৰিয়তে প্ৰহৰা দিবলৈ দাবী জনাই দুখীক শাস্তি দাবী জনাই ।
No comments