গণ বাৰ্তা বিশেষ লখিমপুৰ, ৬ জানুৱাৰী : লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কাকৈ সংৰক্ষিত বন খণ্ডৰ অন্তৰ্গত দীৰ...
গণ বাৰ্তা বিশেষ লখিমপুৰ, ৬ জানুৱাৰী : লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কাকৈ সংৰক্ষিত বন খণ্ডৰ অন্তৰ্গত দীৰ্ঘা বনাঞ্চলত বন্যহস্তীৰ আক্ৰমণত এজন বৃদ্ধ লোকৰ মৃত্যু হয় , মৃত লোকজন জিলা খনৰ চিনাতলীয়া চাহ বাগিছাৰ পুৰনা লাইনৰ ৰামলাল গড়ৰ পুত্ৰ মতিলাল গড় (৬০) বুলি জানিব পৰা গৈছে । ঘটনাৰ বিবৰণি মতে মৃত বৃদ্ধ জনে ৪ জানুৱাৰী বিয়লি ৩ বজাত চিনাতলীয়া বাগানৰ উত্তৰ দিশত থকা কাকৈ বনখণ্ডৰ দীৰ্ঘা বনাঞ্চলত খৰি কাটিবলৈ গৈছিল। কিন্তু ৫ জানুৱাৰী ৰাতিপুৱা লৈকে ঘৰলৈ ঘুৰি নহাত পৰিয়ালৰ লোকে বৃদ্ধ জনক বিচাৰি নোপোৱাত কাকৈ বনাঞ্চলৰ বন বিষয়া ছুকুৰ আলীক অৱগত কৰাত বনকৰ্মীৰ সহযোগত বনাঞ্চলৰ ভিতৰত বিচাৰ খোচাৰ কৰে বনাঞ্চলৰ ভিতৰতে মৃত অৱস্থাত বৃদ্ধ জনক উদ্ধাৰ কৰে। হাতীৰ আক্ৰমণতে বৃদ্ধ জনৰ মৃত্যু হোৱা বুলি বন বিভাগে নিশ্চিত কৰিছে। ইতিমধ্যে বনবিভাগৰ খবৰৰ ভিত্তিত বগীনদী আৰক্ষীয়ে বৃদ্ধ জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।
No comments