গনবাৰ্তা মাণিকপুৰ , ১৭ জানুৱাৰীঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ ভাণ্ডাৰাত অসম জাতীয় পৰিষদৰ এখন সভা অনুষ্ঠিত হয়। মহম্মদ আলীৰ পৌৰহিত্...
গনবাৰ্তা মাণিকপুৰ , ১৭ জানুৱাৰীঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ ভাণ্ডাৰাত অসম জাতীয় পৰিষদৰ এখন সভা অনুষ্ঠিত হয়। মহম্মদ আলীৰ পৌৰহিত্বত অনুষ্ঠিত সভাত মহম্মদ আলীক সভাপতি আৰু অনিল দাসক সম্পাদক হিচাপে লৈ ৪১ উত্তৰ অভয়াপুৰী সমষ্টি কমিটি গঠন কৰা হয়। সভাত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ক্ৰমে ৰবিন্দ্ৰ দত্ত, অমিতাপ বৰঠাকুৰ আৰু প্ৰাক্তন বিধায়ক তথা টিকট প্ৰত্যাশী মকবুল হুছাইন উপস্থিত থাকে ।অসম জাতীয় পৰিষদে উত্তৰ অভয়াপুৰী সমষ্টিৰ চুকে কোণে সভা সমিতি অনুষ্ঠিত কৰি আছে।সভাত অগপ, কংগ্ৰেছ আৰু এআইডিইউএফৰ ভালেসংখ্যক কৰ্মী অসম জাতীয় পৰিষদত যোগদান কৰে। আগন্তুক দিনত অসমত আঞ্চলিকতাবাদী চৰকাৰ গঠন হোৱা নিশ্চয় বুলি দাবী কৰে কেন্দ্ৰীয় কমিটিৰ উপসভাপতি ৰবিন্দ্ৰ দত্তই।
No comments