Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লাহৰীঘাটত শতাধিক কংগ্ৰেছ-এআইডিইউএফ কৰ্মী অগপত যোগদান

  গণবাৰ্তা,ভূৰাগাঁও,২০ জানুৱাৰীঃ সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি বলিছে নিৰ্বাচনী বতাহ।কংগ্ৰেছৰ দূৰ্গ স্ব...


 গণবাৰ্তা,ভূৰাগাঁও,২০ জানুৱাৰীঃ সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি বলিছে নিৰ্বাচনী বতাহ।কংগ্ৰেছৰ দূৰ্গ স্বৰূপ লাহৰীঘাট বিধান সভা সমষ্টিত অসম গণ পৰিষদ দলৰ যুৱ নেতা গুলজাৰ হুছেইনৰ নেত্ৰীত্বত নেতা-কৰ্মী সকলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা।মঙ্গলবাৰে ৰজাগাধোৱা গাওঁ পঞ্চায়তৰ সমূহীয়া ভৱনত অসম গণ পৰিষদ দলৰ লাহৰীঘাট বিধান পৰিষদৰ উদ্যোগত মহিলা পৰিষদৰ সাধাৰণ অধিবেশন অনুষ্ঠিত হৈ যায়।মহিলা পৰিষদৰ সাধাৰণ অধিবেশনত সমষ্টিটোৰ বিভিন্ন পঞ্চায়তৰ পৰা প্ৰায় শতাধিক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে।অধিবেশন উপস্থিত থাকে অসম মহিলা পৰিষদৰ সভানেত্ৰী মামণি বৰা,মৰিগাঁও জিলা সমিতিৰ সম্পাদক উপেন খাটনিয়াৰ, লাহৰীঘাট বিধান পৰিষদৰ সভাপতি তথা আগন্তুক বিধান সভা নিৰ্বাচনৰ লাহৰীঘাটৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী গুলজাৰ হুছেইনৰ লগতে দলটোৰ আন কেইবা গৰাকী নেতা।অধিবেশন খনত প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ নজৰুল ইছলামক তীব্ৰ সমালোচনা কৰে।

No comments