Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টিৰাপ জনজাতীয় স্বায়ত্ব শাসিত জিলা অতি শীঘ্ৰে প্ৰদান কৰাৰ আস্থা মন্ত্ৰী চন্দন ব্ৰহ্ম

গণ বার্তা, লেখাপানী, ২৪ জানুৱাৰী: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমচাই কং জনজাতীয় বেষ্টনীত আজি অসম   ভৈয়াম জনজাতি,অন...


গণ বার্তা, লেখাপানী, ২৪ জানুৱাৰী: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমচাই কং জনজাতীয় বেষ্টনীত আজি অসম   ভৈয়াম জনজাতি,অন্যান্য পিছপৰা শ্ৰেণী তথা পৰ্য্যটন মন্ত্ৰী   চন্দন ব্ৰহ্ম উপস্থিত থাকে  টিৰাপ জনজাতীয় স্বায়ত্ব শাসিত জিলা দাবী সমিতিৰ  অধিবেশনত । টিৰাপ জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদ দাবী সমিতিৰ উদ্যোগত আয়োজন কৰা যোৱা শনিবাৰে প্ৰথম বাৰ্ষিক ভূমিপুত্ৰ জনজাতীয় সমাৰোহত টিৰাপ অঞ্চলৰ কেইবা শতাধিক জনজাতীয়  লোকে পথৰ দুয়োকাষে থিয় হৈ অভিবাদন জনাই মূল মঞ্চলৈ আদৰি আনে।  এই ভূমিপুত্ৰ জনজাতীয় সমাৰোহৰ মূল উদ্দেশ্য আছিল টিৰাপ অঞ্চলত বসবাস কৰি অহা চিংফৌ,খাম্তি, টাংচা,চেমা আৰু মান টাই ভাষিক-টাই ফাকে,টাই খাময়াঙ,টাই তুৰোং আৰু তাই আইটন জনগোষ্ঠীৰ লোকসকলে অতিজৰে পৰা কৰি অহা সংগ্ৰাম তথা ন্যায্য দাবী সমূহ পূৰণ কৰি সকলোৱে সম উন্নয়নেৰে আগবাঢ়ি যোৱা। অনুষ্ঠানত উপস্থিত থাকি  মন্ত্ৰী চন্দন ব্ৰহ্মই  টিৰাপ মৌজাত বসবাস কৰা অজনজাতীয় লোকসকলৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ টিৰাপ জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদ গঠনৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ লগতে আগন্তুক ৰাজ্যিক কেবিনেটত বিল উত্থাপন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰী চন্দন ব্ৰক্ষ্মই । উক্ত অনুষ্ঠানত এখনি মুকলি সভা অনুষ্ঠিত হোৱা উপৰিও জনজাতীয় লোকসকলৰ কেইটাও থলুৱা সাংস্কৃতিক দলে সাংস্কৃতিক নৃত্য প্ৰদৰ্শনত অংশগ্ৰহণ কৰে । লগতে আয়োজক সমিতিয়ে মুকলি সভাত প্ৰয়াত ছাত্ৰী থুকিং টিখাকে  দুৰ্বৃত্তৰ হাতত  প্ৰাণ আহুতি দিয়াৰ তদন্ত দাবী কৰাৰ লগতে  অতি শীঘ্ৰে পৰিয়ালক  চৰকাৰী আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী জনায় মন্ত্ৰী চনন্দ ব্ৰক্ষ্মক । সভাত তিৰাপ মৌজাৰ প্ৰতিটো জনজাতীয় সম্প্ৰদায়ৰ চৰকাৰী গাওঁবুঢ়াৰ লগতে কেইবাটাও জনজাতীয় সংগঠনৰ মুৰব্বী সকল উপস্থিত থাকে । 

No comments