গণ বাৰ্তা, ফুলনি, ১১ জানুৱাৰী: " জীৱনৰ সকলো দিশ সংস্কৃতিত প্ৰতিফলিত হয়" এই মন্তব্য কৰি মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য...
গণ বাৰ্তা, ফুলনি, ১১ জানুৱাৰী: " জীৱনৰ সকলো দিশ সংস্কৃতিত প্ৰতিফলিত হয়" এই মন্তব্য কৰি মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথে জে.বি. কলেজৰ অসমীয়া বিভাগৰ পৰা মাজুলীৰ গড়মূৰ সত্ৰত ক্ষেত্ৰ অধ্যয়নৰ বাবে অহা ছাত্ৰ - ছাত্ৰীসকলৰ লগত কালি এক অন্তৰংগ আলাপত সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ উদেশ্য আৰু লক্ষ্যৰ লগতে গড়মূৰ সত্ৰৰ বিষয়ে বহুখিনি ঐতিহাসিক তথ্য দাঙি ধৰে। ছাত্ৰী জ্যোতিষা গগৈয়ে আঁতধৰা সভাখন সঞ্চালনা কৰে জে.বি. কলেজৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° মানিক শইকীয়াই। সভাখনিত কবি-সাংবাদিক পাপু বৰা আৰু ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে ত্ৰিদিব নন্দন দত্ত, বিশাল আকাশ শইকীয়া, লক্ষীমণি গগৈয়ে অংশ গ্ৰহণ কৰি জীপাল কৰি তোলে।
No comments