Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লখিমপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিলে বীৰাঙ্গনা সাধনী প্ৰতিমূৰ্তি

গণ বাৰ্তা বিশেষ, লখিমপুৰ , ১৯ জানুৱাৰী : সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত  প্ৰায় দুবছৰ দিন ধৰি নিৰ্মাণ কাৰ্য্য চলাই লখিমপুৰৰ চৰা...


গণ বাৰ্তা বিশেষ, লখিমপুৰ , ১৯ জানুৱাৰী : সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত  প্ৰায় দুবছৰ দিন ধৰি নিৰ্মাণ কাৰ্য্য চলাই লখিমপুৰৰ চৰাইমৰীয়া বাইপাছত নিৰ্মাণ কৰা বীৰাঙ্গনা সাধনী প্ৰতিমূৰ্তি ভাগ আজি অসম চৰকাৰৰ বিত্ত তথা স্বাস্থমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে । বীৰাঙ্গনা সাধনী প্ৰতিমূৰ্তি উন্মোচন অনুস্থানৰ আগদিনা অৰ্থাৎ সোমবাৰে সন্ধিয়া মন্ত্ৰী গৰাকীয়ে  লখিমপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি গৈ গেৰুকামুখৰ NHPC অতিথি শালাত নিশা যাপন কৰাৰ পৰবৰ্তী সময়ত মঙ্গলবাৰে অৰ্থাৎ আজি পুৱাই লখিমপুৰৰ চৰাইমৰীয়া বাইপাছত উপস্থিত হৈ বীৰাঙ্গনা সাধনী প্ৰতিমূৰ্তি ভাগ উন্মোচন কৰে । এই উন্মোচনী অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে সাংসদ প্ৰদান বৰুৱা, সাংসদ পল্লৱলোচন দাস, বিধায়ক উৎপল দত্ত, সমাজকৰ্মী মানৱ ডেকাকে ধৰি চৰকাৰী বিষয়া, চুতীয়া জনগোষ্ঠীৰ বহু কেইজন গণ্যমান‍্য ব্যয়ক্তি উপস্থিত থাকে । সদৌ অসম চুতীয়া ছাত্ৰ সংস্থাৰ কেন্দ্ৰীয় তথা লখিমপুৰ জিলা সমিতিৰ  প্ৰতিনিধি লগতে সদস্য সকলে এই কাৰ্য্যসূচী উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে । 

No comments