Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাইৰ যোগীজান কলেজে স্থাপনৰ দাবীত মুখ্যমন্ত্রীক স্মাৰক পত্র

  কফিল, হোজাই ৪ জানুৱাৰী :  হোজাই জিলাৰ অন্তৰ্গত যোগীজানত এখন কলেজ স্থাপনৰ দাবীত হোজাইৰ বিধায়ক শিলাদিত্য দেবেৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রী সর্ব...

 


কফিল, হোজাই ৪ জানুৱাৰী : হোজাই জিলাৰ অন্তৰ্গত যোগীজানত এখন কলেজ স্থাপনৰ দাবীত হোজাইৰ বিধায়ক শিলাদিত্য দেবেৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক কালি এখন স্মাৰক পত্র প্ৰদান কৰা হয় ৷ যোগীজান অঞ্চলৰ শিক্ষাপ্ৰোমী ৰাইজৰ সহযোগত এই স্মাৰক পত্ৰখন হোজাইৰ বিধায়কৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়৷ স্মাৰক পত্রত উল্লেখ কৰামতে, উক্ত অঞ্চলৰ ৰাইজৰ শিক্ষাৰ হাৰ প্ৰায় আশী শতাংশ কিন্তু আশী শতাংশ হলেও উচ্চ শিক্ষাৰ কাৰণে প্ৰয়োজনীয় কোনো ডিগ্রী কলেজ যোগীজানত নাই। বৃহত্তৰ যোগীজান অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ  উচ্চ শিক্ষাৰ একমাত্র চৰকাৰী শিক্ষা প্রতিষ্ঠান হৈছে হোজাই কলেজ আৰু হোজাই গার্লস কলেজ।হোজাই জিলাৰ মহিলাসকলৰ উচ্চ শিক্ষাৰ একমাত্র শিক্ষা প্রতিষ্ঠান হোজাই গার্লস কলেজ। কিন্তু এখনে বৃহৎ এলেকাৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰা সম্ভৱ নহয় ৷ সেয়েহে আৰু এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান স্থাপনৰ দাবী জনাই মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্র প্ৰদান কৰা হৈছো। যোগীজান অঞ্চলৰ অধিকাংশ দৰিদ্ৰ জনসাধাৰণ কৃষিজীৱী ৷ সেয়েহে আৰ্থিক অৱস্থা শোচনীয় হোৱাত যোগীজানৰ বিতৰুৱা গাঁৱৰ পৰা হোজাই চহৰত গৈ অধ্যয়ণ কৰাত যতেষ্ট বাধাৰ সন্মুখীন হয় শিক্ষাৰ্থী-অভিভাৱকসকল ৷  মাত্ৰ ত্রিশ শতাংশ ছাত্র ছাত্রী বহু কষ্টৰে অধ্যয়ণ কৰে বাকী প্রায় সত্তৰ শতাংশ কৃষক তাঁদের সন্তানৰ উচ্চ শিক্ষাৰ কাৰণে কলেজলৈ পঠিওৱাৰ ক্ষেত্ৰত অভিভাৱক সকল বহু বাধাৰ সন্মুখীন হোৱা বুলি স্মাৰক পত্ৰত উল্লেখ কৰে। যোগীজানত এটি স্নাতক ডিগ্রী কলেজ স্থাপন কাৰণে  স্মাৰক পত্রৰ জৰিয়তে অসমৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো অনোৰুধ জনোৱা হৈছে । শীঘ্ৰে হোজাইৰ যোগীজানবাসীয়ে এখন কলেজ লাভ কৰিব বুুুুলি আশাবাদী৷

No comments