গণ বাৰ্তা লামডিং ২৮ জানুৱাৰী: হোজাই জিলাৰ আৰক্ষী বিভাগৰ উদ্যোগত লামডিঙ আৰক্ষী তথা national anti crime and human rights of india সহযোগত আজি...
গণ বাৰ্তা লামডিং ২৮ জানুৱাৰী: হোজাই জিলাৰ আৰক্ষী বিভাগৰ উদ্যোগত লামডিঙ আৰক্ষী তথা national anti crime and human rights of india সহযোগত আজি লামডিঙত শিশুশ্ৰম, শিশু সৰহবৰাহৰ দৰে জঘন্য অপৰাধক ৰোধ কৰিবলৈ এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷ লামডিঙৰ খাংগাৰ গাৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত স্থানীয় জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰে ।দিনক দিনে বৃদ্ধি পোৱা শিশুৰ অপৰাধমূলক কাৰ্য্যকলাপ ৰোধ কৰাৰ প্ৰয়াসেৰে আৰক্ষী প্ৰশাসন তথা national anti crime and human rights of india এই পদক্ষেপ হাতত লৈছে। এই সজাগতা সভাত উপস্থিত আছিল লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ সিং আৰু লামডিং থানাৰ বৰ্ডাৰ ইন্সপেক্টৰ কন্দৰ্প কুমাৰ ৰয় লগতে লামডিং আৱকাৰি বিভাগৰ বিষয়া ৰূপজ্যোতি দাস আৰু স্থানীয় জনগণ।
No comments