গণ বাৰ্তা, চেঙা , ৮ জানুৱাৰী: বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুকাৰপাৰ হাইস্কুল, কুকাৰপাৰ প্ৰাথমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ...
গণ বাৰ্তা, চেঙা , ৮ জানুৱাৰী: বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুকাৰপাৰ হাইস্কুল, কুকাৰপাৰ প্ৰাথমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ত থকা ভোটগ্ৰহণ কেন্দ্ৰসমূহত আজি বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই উপস্থিত হৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বুজ লয়। পৰিদৰ্শন কৰা বিদ্যালয় কেইখনত নতুনকৈ স্থাপন হ'বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে জিলা উপায়ুক্তগৰাকীয়ে । ভোটগ্ৰহণ কেন্দ্ৰসমূহত পানী, শৌচাগাৰ, বিজুলী আদিৰ ব্যৱস্থা থাকিব লাগিব বুলি উল্লেখ কৰে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই । ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীক সংগ দিয়ে অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীয়ে । উল্লেখ্য যে কুকাৰপাৰ হাইস্কুল পৰিদৰ্শন কৰাৰ সময়ত বিদ্যালয়ৰ তৰফৰ পৰা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীক ফুলাম গামোচাৰে আদৰণী জনায়।
No comments