Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শোণিতপুৰত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকলৈ মুখ্যমন্ত্ৰীৰ বিশেষ উপহাৰ

  ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ১২ জানুৱাৰীঃ অসম চৰকাৰৰ জনসংযোগ  বিভাগৰ জৰিয়তে ৰাজ্যৰ অন্যান্য জিলা সমূহৰ লগতে আজি শোণিতপুৰ জিলাৰ স্বীকৃতিপ্ৰাপ...


 ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ১২ জানুৱাৰীঃ অসম চৰকাৰৰ জনসংযোগ  বিভাগৰ জৰিয়তে ৰাজ্যৰ অন্যান্য জিলা সমূহৰ লগতে আজি শোণিতপুৰ জিলাৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সকলকো ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিশেষ উপহাৰ বিতৰণ কৰা হয়৷ এই উপলক্ষে উপায়ুক্ত কাৰ্যালয় সভাগৃহত অনুষ্ঠিত উপহাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি উপায়ুক্ত  মানবেন্দ্ৰ প্ৰতাপ সিঙে বৰ্তমানৰ চৰকাৰৰ দিনত সাংবাদিক সকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত ব্যাখ্যা কৰি জিলাখনৰ সাংবাদিক সকলে ক'ভিড-১৯ ৰ সময়ত গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি চৰকাৰৰ হৈ জনসংযোগ বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা বিশেষ উপহাৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে৷ জিলাখনৰ সৰ্বমুঠ ৫০ গৰাকী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ ভিতৰত অধিকাংশ সাংবাদিক উপস্হিত থকা আজিৰ এই অনুষ্ঠানত শোণিতপুৰ জিলাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা উপস্থিত থাকি সাংবাদিক সকলক আদৰণি জনায়৷ উল্লেখ্য যে, জনসংযোগ বিভাগৰ পৰা পৰা প্ৰদান কৰা বিশেষ উপহাৰৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰাও একেটা অনুষ্ঠানতে আন একোটাকৈ উপহাৰৰ টোপোলা আগবঢ়োৱা হয় সাংবাদিক সকলক৷ আজি বিশেষ কাৰণবশতঃ অনুপস্থিত থকা জিলাৰ স্বীকৃতিপ্ৰাপ্ত আন সাংবাদিক সকলক জিলা তথ্য জনসংযোগ কাৰ্যালয়, তেজপুৰৰ পৰা তেখেত সকলৰ উপহাৰ সংগ্ৰহ কৰিবলৈ জনসংযোগ বিষয়া গৰাকীয়ে অনুৰোধ জনাইছে৷

No comments