গনবাৰ্তা হোজাই, ডবকা , ২১ জানুৱাৰী: কৰ'না মহামাৰীৰ সময়ত জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি মানৱীয় সেৱা আগবঢ়োৱা হোজাইৰ স্বেচ্ছাসেৱী সংস্থা মৰ্...
গনবাৰ্তা হোজাই, ডবকা , ২১ জানুৱাৰী: কৰ'না মহামাৰীৰ সময়ত জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি মানৱীয় সেৱা আগবঢ়োৱা হোজাইৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা'আৰিফৰ কাৰ্যবাহী সভাপতি ড° চামছুল হক চৌধুৰীলৈ আগবঢ়োৱা হৈছে 'কৰ'না যোদ্ধা' সন্মান৷ সংবাদ গোষ্ঠী চমাচাৰ 24 x 7 আৰু ফিজিঅথেৰাপি কনফেডাৰেচন অৱ ইণ্ডিয়াই যৌথ ভাৱে আগবঢ়োৱা সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰিবলৈ আজি নগাঁও নাট্য মন্দিৰত এখন বিশেষ অনুষ্ঠান ৰূপায়িত কৰা হয়৷ 'টাইম লুইত' আৰু 'প্ৰতিদিন নিউজ ভাৰত' গোষ্ঠীয়ে আয়োজন কৰা অনুষ্ঠানত ড° চামছুল হক চৌধুৰীক গামোছা, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ প্ৰয়াত প্ৰাক্তন বিধায়ক খলিলুৰ ৰহমান চৌধুৰীৰ কন্যা দিলোৱাৰা বেগম চৌধুৰী,সমাজসেৱক আনোৱাৰ হুচেইন, ডবকা চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ আনোৱাৰ হুচেইন ছৌধুৰী, ডবকাৰ সাংবাদিক আব্দুল হাকিমৰ লগতে প্ৰায় ৫০ জনকৈ কৰোনা যোদ্ধাক অনুৰূপ সন্মান দিয়া হয়৷ আজমল ফাউণ্ডেচন, হোজাইৰ ডাইৰেক্টৰ ড° খচৰুল ইছলাম সেই তালিকাৰ এটা উল্লেখযোগ্য নাম৷ উল্লেখ্য যে, লকডাউনৰ সময়ত যেতিয়া মানুহৰ খাদ্য সংকটে দেখা দিছিল, চামছুল হক চৌধুৰীৰ নেতৃত্বত মৰ্কজুল মা'আৰিফৰ স্বেচ্ছাসেৱকসকলে ঘৰে ঘৰে গৈ জাতি-ধৰ্ম নিৰ্বিশেষে মানুহক খাদ্য আৰু লাগতিয়াল বস্তু আগবঢ়াইছিল৷ আজি নগাঁৱত সেই সন্মান লাভ কৰি ড° চামছুল হক চৌধুৰীয়ে উদ্যোক্তাসকলক কৃতজ্ঞতা জনায় আৰু এনে ধৰণৰ স্বীকৃতিয়ে অনাগত দিনত অধিক কাম কৰিবলৈ প্ৰেৰণা যোগায় বুলি মন্তব্য কৰে৷
No comments