Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সংখ্যালঘূ কল্যাণ তথা উন্নয়ন বিভাগৰ পুঁজিত অনিয়ম; ৩বছৰে সম্পূৰ্ণ নহ’ল শোণিতপুৰৰ কলাকুচি মধ্য ইংৰাজী বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেনী কোঠা

 গণবাৰ্তা বিশেষ,ঢেকিয়াজুলী,২০জানুৱাৰীঃ ভাৰত চৰকাৰৰ সংখ্যালঘু  কল্যান তথা উন্নয়ণ বিভাগ  এমএছডিপি পুঁজিত ব্যাপক অনিয়ম সংঘটিত হৈছে৷  সংখ্যালঘু ...


 গণবাৰ্তা বিশেষ,ঢেকিয়াজুলী,২০জানুৱাৰীঃ ভাৰত চৰকাৰৰ সংখ্যালঘু  কল্যান তথা উন্নয়ণ বিভাগ  এমএছডিপি পুঁজিত ব্যাপক অনিয়ম সংঘটিত হৈছে৷  সংখ্যালঘু ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰা বিদ্যালয় সমূহত কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু কল্যান তথা উন্নয়ণ বিভাগ এমএছডিপিৰ আঁচনিত  অতিৰিক্ত শ্ৰেনী কোঠা নিৰ্মানৰ নামত ৰূপায়ন কৰা আঁচনি ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷শোণিতপুৰ জিলাৰ মিছামাৰী অঞ্চলৰ কলাকুচি মধ্য ইংৰাজী বিদ্যালয়ত ২০১৮বৰ্ষতে  উক্ত আঁচনিৰ অধিনত অতিৰিক্ত শ্ৰেনী কোঠা নিৰ্মানত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰিছে৷ উক্ত আঁচনিৰ অধিনত নিৰ্মান কৰা অতিৰিক্ত শ্ৰেনী কোঠা বিগত তিনি বছৰে সম্পূৰ্ণ নহ’ল৷নিৰ্মান কাৰ্য আধাতে সামৰিলে ঠিকাদাৰে৷ বিদ্যালয় খনৰ এই শ্ৰেনী কোঠা নিৰ্মানকাৰ্য অৰ্ধ নিৰ্মিত হৈ আছে৷ ইপিনে নিৰ্মানকাৰ্য সম্পূৰ্ণ নৌহওঁতেই জৰাজীৰ্ণ অৱস্থালৈ পৰিনত হৈছে৷ঘৰটোৰ মজিয়া আদিও ফাট মেলিছে৷আনহাতে ঘৰটোৰ আচবাব আদিও বিনষ্ট হোৱাৰ উপক্ৰম হৈছে৷উল্লেখ্য যে বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহনৰ বাবে এমএছডিপি আঁচনিৰ অধিন নিৰ্মান কৰা শ্ৰেনী কোঠাটো ঠিকাদাৰৰ হেমাহিৰ বাবে নিৰ্মান সম্পূৰ্ণ নোৱাত সম্প্ৰতি ছাত্ৰ-ছাত্ৰী সকলে অসূবিধাৰ সন্মূখীন হৈছে৷এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কক অৱগত কৰিছে যদিও কোনো ধৰনৰ সুফল লাভ কৰা নাই৷


No comments