Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সাৰ আনন্দ বজাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

  গণ বাৰ্তা, শালবাৰী, ৪ জানুৱাৰী   বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন কাৰ্যসূচীত গগৈৰ পুত্...

 


গণ বাৰ্তা, শালবাৰী, ৪ জানুৱাৰী   বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন কাৰ্যসূচীত গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ৷ শান্তি সম্ভাৱনা যাত্ৰাৰ অংশস্বৰূপে বাক্সা জিলা কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন আৰু স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে৷ আনন্দ বজাৰৰ পল্লা নৈৰ বিসৰ্জন ঘাটত উপস্থিত থাকি গৌৰৱ গগৈয়ে সংবাদ৷ মাধ্যমৰ আগত কয় যে জননেতা তৰুণ গগৈৰ হেঁপাহ আছিল অন্তিম বাৰৰ বাবে তেওঁ অসমত ভ্ৰমণ কৰিবলৈ বিচাৰে আৰু আজি আমি সকলোৱে মিলি তেওঁৰ হেঁপাহ পূৰণ কৰিবলৈ খুজিছোঁ৷ ৰাইজৰ বুকুত তৰুণ গগৈ চিৰতৰুণ হৈ আছে৷ তাতকৈ বেছি আৰু কি লাগে আমাক ৷

ৰাইজৰ আবেগ আজিও তৰুণ গগৈৰ লগত আছে, ৰাইজৰ আশীৰ্বাদ পৰিয়ালৰ বাবে প্ৰহাদ৷ চিতাভষ্ম বিসৰ্জন এই কাৰ্যসূচী আজি নামনি অসমত অন্ত পৰাৰ পিছত ৬ জানুৱাৰীৰ পৰা বৰাক উপত্যকাত আৰম্ভ হৈ ১২ তাৰিখত অন্ত পৰিৱ৷ উল্লেখ্য যে গৌৰৱ গগৈয়ে ১২ জানুৱাৰীৰ পূৰ্বে কোনোধৰণৰ ৰাজনৈতিক বিষয়ত মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিব বুলিও জানিবলৈ দিয়ে৷ গৌৰৱ গগৈৰ লগত সংগ দি কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৱে কয় আমি মহাজোঁট কৰিবলৈ গৈ আছোঁ৷ এই মহাজোঁট বন্ধনৰ জৰিয়তে আগন্তুক দিনত আমি কংগ্ৰেছ দলে ২০২১ৰ বাবে কেবাটাও কৌশল অৱলম্বন কৰিছোঁ৷ বিজেপিয়ে চাৰিখন বাজেটৰ এখনতো ত্ৰিশ শতাংশতকৈ বেছি কাম নকৰলে৷

তেওঁলোকে সত্তৰ শতাংশ মানুহক ফাঁকি দিছে৷ দাসে কয় বিজেপি দলক পৰাজিত কৰিবলৈ হ’লে সকলো ৰাজনৈতিক দল এক হ’ব লাগিব৷ উল্লেখ্য যে আজি গৌৰৱ গগৈয়ে অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি উজান বৰবড়ীত থকা ছহিদ বেদীতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ছহিদ পৰিয়াললৈ ব্যক্তিগত ভাবে পৰিয়াক আৰ্থিক শাহায্য ২০ হেজাৰ আৰু পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ লিখা পঢ়াৰ বাবে ২০ হেজাৰ মুঠ ৪০ হেজাৰ টকা আগবঢ়াব বুলি কয়৷

No comments