Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজুলীত ৭২সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি, নাগৰিক সমাজৰে জিলা প্ৰশাসনৰ বৈঠক

  পৰাণজ্যোতি বৰা,মাজুলী, ১১ জানুৱাৰী:   দেশ তথা ৰাজ্যৰ আন অংশৰ লগতে মাজুলী জিলাতো জনসাধাৰণৰ পূৰ্ণ সহযোগিতাৰে গাম্ভীৰ্যপূৰ্ণ ভাৱে ভাৰতৰ ৭২ সং...


 পৰাণজ্যোতি বৰা,মাজুলী, ১১ জানুৱাৰী:  দেশ তথা ৰাজ্যৰ আন অংশৰ লগতে মাজুলী জিলাতো জনসাধাৰণৰ পূৰ্ণ সহযোগিতাৰে গাম্ভীৰ্যপূৰ্ণ ভাৱে ভাৰতৰ ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে জিলা প্ৰশাসনে।  অহা ২৬ জানুৱাৰীত জিলা সদৰ গড়মূৰৰ কাছাৰী ময়দানতে পূৰ্বৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ জিলাস্তৰীয় মূল অনুষ্ঠান আয়োজন কৰা হৈছে। ক'ভিড-১৯ প্ৰট'কল অনুসৰণ কৰি জিলাখনত এইবাৰৰ গণৰাজ্য দিৱস উদযাপনৰ বিষয়ে আলোচনাৰ বাবে মাজুলী জিলা প্ৰশাসনে আজি জিলাখনৰ নাগৰিক সমাজৰ প্ৰতিনিধি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া, বিশিষ্ট নাগৰিক, সাংবাদিক আদিৰ লগতে চৰকাৰী বিভাগসমূহৰ মূৰব্বী বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে আসন্ন বিধান সভা নিৰ্বাচন সন্দৰ্ভত ডিব্ৰুগড়ত আজি ভাৰতৰ নিৰ্বাচন আয়োগে উজনি অসমৰ জিলাসমূহৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকসকলক লৈ আয়োজন কৰা এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিবলৈ যাব লগা হোৱাত এইবাৰৰ জিলাস্তৰীয় গণৰাজ্য দিৱস আয়োজনৰ বাবে আয়োজিত বৈঠকখনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথে সভাপতিত্ব কৰে। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত অতিৰিক্ত উপায়ুক্তদ্বয় নৰেণ দাস আৰু কাৰ্তিক কলিতাৰ লগতে সহকাৰী আয়ুক্ত ড০ ৰাকেশ চেত্ৰীয়ে অংগ্ৰহণ কৰে। বৈঠকত সভাপতিত্ব কৰা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে ক'ভিড পৰিস্থিতিৰ মাজতে অনুষ্ঠিত শেহতীয়া স্বাধীনতা দিৱসৰ দৰে এইবাৰৰ গণৰাজ্য দিৱসৰ জিলাস্তৰীয় মূল অনুষ্ঠানো ক'ভিড-১৯ বিষয়ক সতৰ্কতামূলক নীতি-নিয়ম পালন কৰি সৰ্বাঙ্গসুন্দৰ ৰূপত অনুষ্ঠিত কৰাত মাজুলীবাসী ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতা কামণা কৰে। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি গণৰাজ্য দিৱসৰ কুচকাৱাচত অংশগ্ৰহণ কৰিব লগা আৰক্ষী, চিআৰপিএফ, স্কাউটছ এণ্ড গাইডছ, এনচিচি দলসমূহে অহা ১৭ জানুৱাৰীৰ পৰা কাছাৰী ময়দানত উমৈহতীয়া অনুশীলনত ভাগ ল'ব। এইবাৰৰ জিলাস্তৰীয় মূল অনুষ্ঠানত জিলাখনৰ কৃষি, পৰিবহন, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদিৰ ফালৰ পৰা প্ৰতীকপট প্ৰদৰ্শনৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা, হস্ততাত আৰু বস্ত্ৰ,  ৰেচম, মীন বিভাগ আদিৰ ফালৰ পৰা প্ৰদৰ্শনীৰ বিপনী স্থাপনৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়। জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ৰ মূৰব্বী বিষয়া আৰু প্ৰতিখন শিক্ষানুষ্ঠানৰ মূৰব্বীকে চৰকাৰী বিধি অনুসৰি পূৰ্ণ সন্মানেৰে গণৰাজ্য দিৱসৰ দিনা পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। একেদৰে, জিলাখনৰ প্ৰতিখন শিক্ষানুষ্ঠানৰে অধ্যক্ষ-প্ৰধান শিক্ষকে গণৰাজ্য দিৱসৰ পুৱা নিজ শিক্ষানুষ্ঠানত যথাৰীতি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে এই পতাকা উত্তোলন কাৰ্যসূচীত সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ সকলো শিক্ষক-কৰ্মচাৰীৰ উষস্থিতিও বাধ্যতামূলক কৰা হৈছে। গণৰাজ্য দিৱসৰ বিয়লি সূৰ্যোদয়ৰ প্ৰাকক্ষণত নিজ নিজ কাৰ্যালয় তথা শিক্ষানুষ্ঠানত উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকা পুণৰ বিধিগত অৱনমনো নিশ্চিত কৰিব লাগিব প্ৰতিটো চৰকাৰী কাৰ্যালয় তথা শিক্ষানুষ্ঠানৰ মূৰব্বীগৰাকীয়ে। একেদৰে, বিভাগীয় মূৰব্বীসকলে পুৱা নিজ কাৰ্যালয়ত পতাকা উত্তোলনৰ পাছতে কাছাৰী ময়দানৰ জিলাস্তৰীয় মূল অনুষ্ঠানতো বাধ্যতামূলক ভাৱে উপস্থিত থাকিবলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰিবলৈ বৈঠকত সিদ্ধান্ত লোৱা হয়।

পৰাণজ্যোতি বৰা, মাজুলী।

No comments