Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গনেশকুঁৱৰী গাঁও পঞ্চায়তত প্ৰায় ৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা তিনিটাকৈ পথৰ একেদিনাই শুভাৰম্ভণী বিধায়কৰ

ইন্দাদুল হক, ছিপাঝাৰ,৮ ডিচেম্বৰ: ৰা জ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন শিতানত ২০১৯-২০ বৰ্ষৰ অধীনত ছিপাঝাৰ সমষ্টিৰ গনেশকুৱঁৰী পঞ্চায়তৰ তিনিটাকৈ গু...


ইন্দাদুল হক, ছিপাঝাৰ,৮ ডিচেম্বৰ: ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন শিতানত ২০১৯-২০ বৰ্ষৰ অধীনত ছিপাঝাৰ সমষ্টিৰ গনেশকুৱঁৰী পঞ্চায়তৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ বৃহস্পতিবাৰে ১ কোটি ৪৪ লাখ টকা  ব্যয় সাপেক্ষে কুৰুৱা পথৰ পৰা ৰামদেলীপাৰা হৈ ৰঙামাটি কুৰুৱা মথাউৰী সংযোগী পথ আৰু ১ কোটি ১৫  লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা উত্তৰ কলিতাপাৰাৰ পৰা হস্পিটেল সংযোগী পথৰ শুভাৰম্ভণী কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ তদুপৰি বিধায়কগৰাকীয়ে অসম দৰ্শন আঁচনি, ২০১৯-২০ বৰ্ষৰ অধীনত ৩২ লক্ষ টকা ব্যয় সাপেক্ষে দুমুনিচকী কুৰুৱা পথৰ পৰা " গনেশ মন্দিৰ " সংযোগী পথটিও  স্থানীয় ৰাইজ আৰু লোক নিৰ্মাণ  বিভাগৰ বিষয়া-অভিযন্তাসকলৰ উপস্থিতিত শুভাৰম্ভণী কৰে ৷ইয়াৰ লগতে অসম দৰ্শন আঁচনিৰ অধীনত ১০ লাখ টকা আবন্টন দিয়া ছিপাঝাৰ সমষ্টিৰ অন্যতম ধৰ্মপীঠ  "শ্ৰী শ্ৰী গনেশ দেৱালয় "ৰ আন্তঃগাথঁনি উন্নয়নৰো শুভাৰম্ভণী কৰে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷একেটাদিনতে অনুষ্ঠিত এই শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগ, ছিপাঝাৰ আৰু কলাইগাঁও ক্ষেত্ৰীয় পথ সং-মণ্ডলৰ কাৰ্যবাহী অভিযন্তা বিজয় ভূষণ শইকীয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা ভাস্কৰ চহৰীয়া,লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, জ্যেষ্ঠ নাগৰিক সকল, মহিলা আত্ম সহায়ক গোটৰ সদস্যা সকল তথা স্থানীয় ৰাইজ।

No comments