গণবাৰ্তা, আজাৰা : ২৮ জানুৱাৰী : ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ উদ্যোগত আৰু বিভিন্ন চৰকাৰী-বেচৰকাৰী বিভাগ, মটৰ পৰিবহন সংস্থা , এন জি অ, আদিৰ স...
গণবাৰ্তা, আজাৰা : ২৮ জানুৱাৰী : ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ উদ্যোগত আৰু বিভিন্ন চৰকাৰী-বেচৰকাৰী বিভাগ, মটৰ পৰিবহন সংস্থা , এন জি অ, আদিৰ সহযোগত ২০ জানুৱাৰীৰ পৰা বিভিন্ন কাৰ্যসূচীৰে চলি আছে 'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ'। আনহাতে উক্ত মাহৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনা গুৱাহাটী মহানগৰীত পথ সুৰক্ষাৰ দিশত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে অনুষ্ঠিত কৰে এক বিশাল কাৰ আৰু বাইক ৰেলী। উক্তদিনা বেতকুছিৰ ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাছ আস্থান চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছত বেত কুছিৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ পৰা এক বিশাল কাৰ আৰু বাইক ৰেলী উলিওৱা হয়। পতাকা জোকাৰি ৰেলীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে। অনুষ্ঠানত আৰক্ষী বিষয়া দেবাশীস বৰুৱা, হেৰিটেজ অটোমবাইল এছোছিয়েচনৰ কৰ্মকর্তা যাদৱ দলৈকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত উলিওৱা ৰেলীত ভিনটেজ কাৰেও ভাগ লয়। ৰেলীটোৱে বেতকুছি পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ছয়মাইল হৈ জি এছ ৰোডৰে উলুবাৰী, গুৱাহাটী ক্লাবৰে দীঘলীপুখুৰীৰ পাৰলৈ আহে। তাত কিছু সময় জিৰণি লৈ কাৰ আৰু বাইক ৰেলীটোৱে পুনৰ গুৱাহাটী ক্লাব, উলুবাৰী হৈ জি এছ ৰোডৰে গণেশগুৰি হৈ খানাপাৰা উৰণীয়া সেতুৰ তললৈ আহে আৰু তাত ৰেলীৰ সামৰণি মৰা হয়। ৰেলীত কেবাখনো ভিনতেজ বাহনকে ধৰি শতাধিক কাৰ আৰু দুচকীয়া বাহনে ভাগ লয় বুলি জিলা পৰিবহন বিষয়া আৰু কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব গৌতম দাসে জানিবলৈ দিছে। ইফালে ৰেলীত ভাগ লোৱা মহিলা চালক সকলক জিলা পৰিবহন বিভাগৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
No comments