গণ বাৰ্তা,সোণতলী,৭-ডিচেম্বৰ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰীত আজি কাঠৰ ফুটব্ৰীজ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়৷ জানি...
গণ বাৰ্তা,সোণতলী,৭-ডিচেম্বৰ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰীত আজি কাঠৰ ফুটব্ৰীজ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়৷ জানিব পৰামতে বকোৰ বামুণবড়ী গাঁও পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ আবণ্টিত ৮ লাখ টকা ব্যয় সাপেক্ষে বটিয়ামাৰীৰ কছিমুদ্দিন খানৰ ঘৰৰ ওচৰত নিৰ্মাণ কৰিবলগীয়া 'কাঠৰ ফুটব্ৰীজ' নিৰ্মাণৰ শিলান্যাস কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে৷ আধাৰশিলা অনুষ্ঠানত বামুণবড়ী গাঁও পঞ্চায়তৰ সভাপতি, কংগ্ৰেছৰ বগুৰিগুৰী গাঁও পঞ্চায়তৰ যুৱ মণ্ডলৰ সভাপতি জাহাংগীৰ শ্বাহ, বগুৰিগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ এম ইব্ৰাহিম আলী, কংগ্ৰেছৰ বকো সমষ্টি কমিটিৰ সমন্বয়ক দেলুৱাৰ হুছেইন প্ৰমুখ্যে দলীয় কৰ্মকৰ্তা-বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে৷
No comments