Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন; চৰকাৰৰ আন্তৰিক পদক্ষেপক ৰাইজে আদৰিছে : সিদ্ধাৰ্থ ভট্টাচাৰ্য্য

  আজিজুল হক, ভেল্লা , ২৭ জানুৱাৰী:  দেশ জাতি আৰু ৰাইজৰ সৰ্বাত্মক বিকাশৰ বাবে  সংকল্পবদ্ধ  বৰ্তমানৰ চৰকাৰৰ আন্তৰিক পদক্ষেপক ৰাইজেও আদৰি লৈছে।...

 


আজিজুল হক, ভেল্লা , ২৭ জানুৱাৰী: দেশ জাতি আৰু ৰাইজৰ সৰ্বাত্মক বিকাশৰ বাবে  সংকল্পবদ্ধ  বৰ্তমানৰ চৰকাৰৰ আন্তৰিক পদক্ষেপক ৰাইজেও আদৰি লৈছে। এই নিৰলস প্ৰচেষ্টা অনাগত দিনতো অব্যাহত থাকিব।  বৰপেটাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰাজ্যৰ আইন, সমবায় আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য‌ই এইদৰে কয়। জিলাখন উন্নয়নৰ চমু খতিয়ান দাঙি ধৰি  তেওঁ ৰাষ্ট্ৰ নিৰ্মাণ আৰু সমৃদ্ধিশালী সমাজ গঢ়াৰ বাবে সকলোৱে সংকল্পবদ্ধ হব লাগিব। ভাষণৰ পিছতে মন্ত্ৰী গৰাকীয়ে আকৰ্ষণীয় কুছকাৱাজৰ অভিবাদন গ্ৰহণ কৰে।  অনুষ্ঠানত হাউছফেডৰ অধ্যক্ষ তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস, বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, আৰক্ষী অধীক্ষক ৰবীন কুমাৰ সিং, অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক শংকৰ চন্দ্ৰ দাস আদি বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আতঁধৰা অনুষ্ঠানটোত বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় সেৱা বা বৰঙণি আগবঢ়োৱা ব্যক্তি সকলৰ লগতে মুক্তি যুজাৰুৰ পৰিয়ালৰ লোককো সম্বৰ্দ্ধনা জনোৱা হয়। তদুপৰি কুচকাৱাজত অংশলোৱা দল সমূহৰ মাজত শ্ৰেষ্ঠ বিবেচিত সকলক বঁটা প্ৰদান কৰা হয়।  গণৰাজ্য দিৱসৰ সৈতে সঙ্গতি ৰাখি আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। ইয়াৰ পিছতে শিশু-কিশোৰ-কিশোৰীৰ মাজত খেল-ধেমালীৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি পৌৰসভাৰ খেলপথাৰত জিলা উপায়ুক্ত একাদশ আৰু বৰপেটা প্ৰেছ ক্লাবৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। তীব্ৰ প্ৰতিদ্বন্দিতা মূলক খেলখনত উপায়ুক্ত একাদশ বিজয়ী হয়। সন্ধিয়া সকলো চৰকাৰী ভৱন বিজুলী চাকিৰে আলোকিত কৰা হয়।

No comments