Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মহিলা সকলেই হৈছে ৰাজনৈতিক দলৰ মূল চালিকা শক্তি: পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ অধিবেশনত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

  গণবাৰ্তা, আজাৰা, ২৪ জানুৱাৰী :  অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত ২৩ জানুৱাৰীত লংকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰ...


 গণবাৰ্তা, আজাৰা, ২৪ জানুৱাৰী : অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত ২৩ জানুৱাৰীত লংকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ অধিবেশনখন অনুষ্ঠিত হৈ যায় ।  দলীয় পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছত এই উপলক্ষে অনুষ্ঠিত সভাত ভাগ লৈ অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসঙ্গত মহিলা সকলেই একোটা ৰাজনৈতিক দলৰ মূল চালিকা শক্তি আৰু  এইক্ষেত্ৰত জন্মলগ্নৰে পৰা অগপ দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মহিলা সকলেই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বুলি ব্যক্ত কৰে । সভাত  ভাগ লৈ অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মাই আগন্তক নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দৰে অপবিত্র আৰু বিভাজনকামী মিত্ৰযোটক প্ৰতিহিত কৰাৰ বাবে দলৰ মহিলা সকলে যাতে হাতে- কামে নামি পৰে তাৰ বাবে আহ্বান জনায় । আনহাতে অগপৰ পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীয়ে আঁত ধৰা সভাত ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , সদস্যা ৰজিদা বেগম , কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , ৰাজেন মেধী , প্ৰভাত দলৈ , বাহাৰুল ইছলাম , মহেন্দ্ৰ দাস , প্ৰণৱ দাস , বৰষানাথ  কলিতা   , বৰদা দাসকে ধৰি কেবাজনো নেতা- নেত্রী উপস্থিত থাকে । সভাত সৰ্বসন্মতিক্ৰমে গীতাঞ্জলি কাকতিক সভানেত্ৰী , বৰষা নাথ কলিতাক কাৰ্যকৰী সভানেত্ৰী , শিক্ষাসেৱী অজন্তা শৰ্মা ডেকাকে ধৰি কেবাজনকো উপ সভানেত্ৰী , স্বপ্নালী দাস , দীপাঞ্জলি সিনহা বড়ো , গীতা মণ্ডল ডেকা আৰু সংগীতা ৰাজবংশীক সাধাৰণ সম্পাদিকা  , কেবাজনকো  সম্পাদিকা হিচাপে লৈ অগপৰ পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ কাৰ্যকৰী কমিটিখন  গঠন কৰা হয় ।

No comments