গণবাৰ্তা বিশেষ,মুকালমুৱা,৫জানুৱাৰী:-ৰা জ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰক্ষেত্ৰীতো আগন্তুক ভোগালী বিহুৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে।কৃষি প্ৰধান...
গণবাৰ্তা বিশেষ,মুকালমুৱা,৫জানুৱাৰী:-ৰা
জ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰক্ষেত্ৰীতো আগন্তুক ভোগালী বিহুৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে।কৃষি প্ৰধান অঞ্চলটোৰ ঐতিহ্যমণ্ডিত চতেমাৰী গাৱঁৰ পুৰুষ মহিলা সমন্বিতে একাংশ লোক এতিয়া ব্যস্ত হৈ পৰিছে মাটি মাহ তোলা কাৰ্যত।ভোগালী বিহুত মাহ কঢ়াই খোৱা তথা দাইল আদি বনাই ভোগালীৰ খাদ্য সম্ভাৰ অন্তৰ্ভূক্ত কৰাৰ যি পৰম্পৰা অসমীয়া সমাজত আছে ,তাৰ প্ৰতি লক্ষ্য ৰাখি গাওঁখনৰ বিশেষকৈ ৱোৱাৰী জীয়ৰী সৱে ব্ৰহ্মপূত্ৰৰ চৰ-চাপৰিত বিহু নাচি,নাম গাই মাহতলিত এক উৎসাহজনক পৰিৱেশৰ সৃষ্টি কৰা দেখা গৈছে।যান্ত্ৰিকতাৰ কবলত পৰি আধুনিকতাৰ পৰশত ডুব গৈ যি সময়ত হেৰায় যাবলৈ ধৰিছে কেতবোৰ অসমীয়া সংস্কৃতি,তেনে সময়তে বৰক্ষেত্ৰীৰ মুকালমুৱাৰ নিকটবৰ্টী চতেমাৰী গাঁৱৰ উদ্যমী জীয়ৰী-বোৱাৰীসকলে আগন্তুক ভোগালী বিহুক আদৰিবলৈ লোৱা এনে পদক্ষেপে বিশেষ চৰ্চা লাভ কৰিছে সচেতন মহল মহলৰ মাজত।উল্লেখ্য যে- কৃষি উৎপাদনৰ ক্ষেত্ৰত নলবাৰী জিলাৰ ভিতৰতে বিশেষ স্থান দখল কৰি অহা বৰক্ষেত্ৰীৰ গৰিষ্ঠসংখ্যক লোকে হেঁপাহৰ ভোগালীত নিজ হাতে কৰা মাটি মাহ, কুঁহিয়াৰ,আলু,বৰা ধান,জহা ধান আদি খেতিৰ উৎপাদনেৰে ভোগালীত ভোগ কৰা পৰম্পৰাটোও বছৰ বছৰ ধৰি চলি আহিছে।
No comments