ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১২ জানুৱাৰীঃ বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী মঙলদৈ শাখা আৰু অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদ দেওমৰনৈৰ উদ্যোগত কালিৰে পৰা ...
ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১২ জানুৱাৰীঃ বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী মঙলদৈ শাখা আৰু অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদ দেওমৰনৈৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় যুৱ দিৱস আজি সফল সামৰণি পৰে। স্বামী বিবেকানন্দৰ ১৫৮ সংখ্যক জন্মদিনত অনুষ্ঠিত কৰা এই দিৱস উপলক্ষে আজি বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী মঙলদৈ শাখাৰ কাৰ্যালয়ত শতাধিক বন্তি প্ৰজ্বলনেৰে উজলাই তোলা হয়। তদুপৰি স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰা হয়। আনহাতে কালি শংকৰদেৱ শিশু নিকেতন, দেওমৰনৈত হোৱা প্ৰথম দিনৰ কাৰ্য্যসূচী নিকেতনৰ প্ৰধান আচাৰ্য উপেন চন্দ্ৰ ডেকাই স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি শুভাৰম্ভ কৰে। ইয়াৰ পিছতে অপূৰ্ব শৰ্মাই আঁত ধৰা এই কাৰ্যসূচীত বিবেকানন্দ কেন্দ্ৰৰ কাৰ্যকৰ্তা দাদুল দাস, আচাৰ্য্যা নিলীমা বৰুৱা, জ্যোতিপ্ৰসাদ ডেকাই গীত, প্ৰাৰ্থনা আৰু বিবেক বাণী পৰিবেশন কৰে। ইয়াৰ পিছতে হোৱা মুকলি সভাত অসমীয়া প্ৰতিদিনৰ মঙলদৈৰ জ্যেষ্ঠ সাংবাদিক গণেশ দত্তই স্বামী বিবেকানন্দই কোৱা 'জাগা - উঠা - লক্ষ্যপ্ৰাপ্তি নোহোৱালৈ নৰবা' শীৰ্ষক বাক্যশাৰী ছাত্ৰ ছাত্ৰীৰ সন্মুখত আওৰাই কয়, তোমালোকৰ বহু সপোন আছে। কিন্তু সেই সপোন সাকাৰ ৰূপ পাবলৈ হ'লে শৃংখলিত ভাবে জীৱনটো গঢ়িব লাগিব। মাত্ৰ ৩৯ বছৰ জীৱনকালত স্বামী বিবেকানন্দৰ কৰ্ম জীৱনৰ বৰ্ণনা কৰি তেওঁ কয়, যুৱ প্ৰজন্মই হৈছে দেশৰ ভৱিষ্যত। আনহাতে স্বামী বিবেকানন্দৰ জীৱন - কৃতি সম্পৰ্কে হোৱা প্ৰশ্নোত্তৰত অভিলাষ নাথ, দেবব্ৰত ডেকা, পৰাণজ্যোতি ডেকা আৰু পৰাণ ডেকাক উদ্যোক্তাসকলে পুৰস্কৃত কৰে। এই অনুষ্ঠানত ভাৰত মাতা কি জয় ধ্বনিৰে দেওমৰনৈ অঞ্চল মুখৰিত হৈ পৰে।
No comments