Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিগবৈত মৰাণ জনগোষ্ঠীৰ ন্যায় প্ৰাপ্তিৰ দাবীত জোঁৰ সমদল

  দৈনিক গণ অধিকাৰ,২২ জানুৱাৰী,ডিগবৈ:  ছয় জনগোষ্ঠীৰ অন্তৰ্গত ,উজনি অসমৰ এটি শক্তিশালী জনগোষ্ঠী হিচাপে চিৰ পৰিচিত মৰাণ জনগোষ্ঠীক শাসকীয় চৰকাৰে...

 


দৈনিক গণ অধিকাৰ,২২ জানুৱাৰী,ডিগবৈ: ছয় জনগোষ্ঠীৰ অন্তৰ্গত ,উজনি অসমৰ এটি শক্তিশালী জনগোষ্ঠী হিচাপে চিৰ পৰিচিত মৰাণ জনগোষ্ঠীক শাসকীয় চৰকাৰে ,বিভিন্ন সময়ত জনগোষ্ঠীটোৰ উত্তৰণ স্বাৰ্থত ,জনাই অহা দীৰ্ঘদিনীয়া দাবীসমুহ পূৰণ নকৰি,বাৰে বাৰে প্ৰতাৰণা কৰি অহাৰ ক্ষোভত,যোৱা ইং ২১ জানুৱাৰী তাৰিখে সদৌ মৰাণ ছাত্ৰ সন্হাৰ তিনিচুকীয়াস্হিত মুখ্য কাৰ্যলয়,বদৌচা ভৱনত সংবাদ মেল আয়োজন কৰি চৰকাৰৰ বিৰোদ্ধে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে৷সংবাদ মেলত ঘোষণা কৰা প্ৰথম কাৰ্যসূচী অনুসৰি ,মৰাণ জনগোষ্ঠীৰ অধ্যুষিত এলেকা সমুহত ,চৰকাৰক দাবী জনাই অহা অনুসৰি মৰাণ জনজাতিক, অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰি ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত্বশাসন প্ৰদান কৰাৰ পৰা বাৰে বাৰে প্ৰতাৰণা কৰি থকাৰ ক্ষোভত আজি তৈলনগৰী ডিগবৈ চহৰৰ দাঁতিকাষৰীয়া টিংৰাই অঞ্চলত জোঁৰ সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লোৱাৰ সময়ত ,আৰক্ষী প্ৰশাসনে তীব্ৰ বাধা প্ৰদান কৰে যদিও ,সদৌ মৰাণ ছাত্ৰ সন্হা ডিগবৈ আঞ্চলিক সমিতয়ে টিংৰাই বিহুতলীৰ প্ৰাঙ্গণৰ পৰা টিংৰাই বজাৰলৈ এলানি জোঁৰ সমদল কাৰ্যসূচীৰ ৰূপায়ণ কৰে৷জোঁৰ সমদল কাৰ্যসূচীত মৰাণ জনগোষ্ঠীৰ কেইওটা সংগঠনৰ নেতৃত্বত অংশগ্ৰহণ কৰি,সৰ্বানন্দ সোনোৱাল হায় হায়,হিমন্ত বিশ্বৰ কাম নাই,বি জে পি চৰকাৰ মিছলীয়া,আমাৰ দাবী ন্যায় দাবী,জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ ইত্যাদি শাসকীয় চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷চৰকাৰ বিৰোধী জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰা মৰাণ জনগোষ্ঠীৰ ছাত্ৰ নেতাৰ ভাষ্য অনুসৰি,মৰাণ জনগোষ্ঠীকৰ দীৰ্ঘদিনৰ দাবী সমুহ পূৰণ কৰাৰ ক্ষেত্ৰত শাসকীয় চৰকাৰে মৰাণ জনগোষ্ঠীক মাহী আই দৃষ্টি প্ৰদান কৰিছে ৷মৰাণ জনগোষ্ঠীৰ উত্তৰণৰ স্বাৰ্থত কি লোক সভা,কি বিধান সভাৰ প্ৰাকক্ষণত বিভিন্ন আভুৱাভাৰি মন্তব্যৰে ,নিজ স্বাৰ্থ পুৰণ কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰে আৰু নিৰ্বাচনৰ বৈতৰণী পাৰ কৰাৰ পাচতেই সকলো প্ৰতিশ্ৰুতি যেন ধোঁৱাচাঙত উঠে বুলি শাসকীয় চৰকাৰ কটু সমালোচনা কৰে৷মৰাণ ছাত্ৰনেতাৰ ভাষ্যত,যোৱা ১০ জানুৱাৰীত শিলচৰত হোৱা বি জে পি দলীয় সভাত ,শাসকীয় দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মিথ্যাচাৰৰ আশ্ৰয়  ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ শাসকীয় বি জে পি চৰকাৰখনৰ দিনতে  কৰা হ’ল বুলি যি বক্তব্য প্ৰদান কৰিছিল তাকে লৈ মৰাণ জনগোষ্ঠীৰ ছাত্ৰনেতাই তীব্ৰ ভাষাৰে বিৰোধিতা কৰে৷ ৰাজ্যৰ শাসকীয় দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ সন্দৰ্ভত কোনো তথ্য জ্ঞাত নোহোৱা বিষয়টো চৰম লজ্জা বিষয় বুলি গৰিহণা দিয়ে আৰু লগতে  আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই যদি মৰাণ জনগোষ্ঠীক ন্যায় প্ৰাপ্তিৰ দাবীসমুহ পুৰণ কৰাৰ পৰা ব্যৰ্থ হয়,তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনত মৰাণ জনগোষ্ঠীয়ে উচিত প্ৰত্তুত্যৰ প্ৰদান কৰাৰ হুংকাৰ প্ৰদান কৰে৷


No comments