দক্ষিণ যোৰহাট, ০১ জানুৱাৰী : নিয়মানুৱৰ্তীতা, সময়ানুৱৰ্তীতা, আত্মীয় প্ৰিয়, সদা পাৰিবাৰিক সচেতনতা ব্ৰত যোৰহাট ৰৰৈয়া নামনি জামুগুৰি গাঁৱ...
দক্ষিণ যোৰহাট, ০১ জানুৱাৰী : নিয়মানুৱৰ্তীতা, সময়ানুৱৰ্তীতা, আত্মীয় প্ৰিয়, সদা পাৰিবাৰিক সচেতনতা ব্ৰত যোৰহাট ৰৰৈয়া নামনি জামুগুৰি গাঁৱৰ জ্যেষ্ঠ বিৰেন গগৈৰ স্মৃতিচাৰণ অনুষ্ঠান আজি সম্পন্ন হয়। সমাজ সচেতন কৃষ্ণ গগৈৰ ব্যৱস্থাপনাত কবি লক্ষেশ্বৰ গগৈৰ সম্পাদনাত বিদ্যুৎ বিভাগৰ নিষ্ঠাবান কৰ্মচাৰী বিৰেন গগৈৰ কৰ্তব্য গুণ তথা জীৱন ক্ৰমণিকাসমৃদ্ধ চমু পঞ্জী নামাচাৰ্য বিনয় কুমাৰ শইকীয়াই উন্মোচন কৰে। চেতিয়া গাঁও বৰ নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া পূৱেশ্বৰ বৰুৱাই প্ৰতিচ্ছবি মুকলি আৰু সহধৰ্ম্মীণি প্ৰেমলতা গগৈয়ে প্ৰদীপ অৰ্পণ কৰে। আত্মপ্ৰকাশ দৰ্শনৰ মুখ্য সম্পাদক বিনোদ গগৈ, কবি প্ৰবীন গগৈ, বৈষ্ণৱ খগেন শইকীয়া বিশেষভাৱে উপস্থিত থাকে।
No comments