Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভোগালীৰ ভোগ এৰি আন্দোলনত ৰাইজৰ দল অখিল গগৈৰ মুক্তিৰ দাবীত যোৰহাটত অনশন, জেলভৰো কাৰ্যসূচী ৰূপায়ণ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৫ জানুৱাৰী : অসমৰ জননেতা তথা সংগ্ৰামী সত্তাৰ প্ৰতীক স্বৰূপ অখিল গগৈক দীৰ্ঘদিন ধৰি অন্যায়ভাবে কাৰাৰুদ্ধ কৰি ৰখাৰ প্ৰ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৫ জানুৱাৰী : অসমৰ জননেতা তথা সংগ্ৰামী সত্তাৰ প্ৰতীক স্বৰূপ অখিল গগৈক দীৰ্ঘদিন ধৰি অন্যায়ভাবে কাৰাৰুদ্ধ কৰি ৰখাৰ প্ৰতিবাদত ভোগালীৰ বতৰতো যোৰহাটৰ পৰিৱেশ উত্তাল হৈ পৰে । ২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখেই যোৰহাটত কা বিৰোধী আন্দোলনৰ উত্তাল পৰিৱেশৰ পৰা গ্ৰেপ্তাৰ কৰি নি চৰকাৰে অখিল গগৈৰ ওপৰত ১৩ টাকৈ ভুৱা গোচৰ জাপি দিয়াৰ লগতে ’নিয়া’ৰ দৰে সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে গঠন কৰা সংস্থাৰ হাতত দুটাকৈ গোচৰ অৰ্পণ কৰে। পৰৱৰ্তী পৰ্যায়ত বাকী ১২ টা গোচৰত জামিন লাভ কৰে যদিও চানমাৰি থানাত ৰুজু কৰা গোচৰটোৰ লগত মাওবাদী লেবেল লগাই ন্যায় সংগত জামিনক অন্যায়ভাৱে বন্ধ কৰি ৰাখিছে । অসমৰ স্বাৰ্থৰ বাবে, খাটিখোৱা কৃষক শ্ৰমিক তথা মধ্যবিত্ত জনসাধাৰণৰ কল্যাণৰ বাবে জীৱন উছৰ্গা কৰা অখিল গগৈক কৰা অন্যায়ৰ বিৰুদ্ধে ইতিমধ্যে ব্যাপক জনমত গঢ়ি উঠিছে। শেহতীয়াকৈ জেলত থকা অৱস্থাতে ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱা অখিল গগৈক মুকলি কৰি দিবলৈ ৰাইজৰ দলে আন্দোলনত জপিয়াই পৰিছে । ভোগালী বিহুৰ ভোগকো ত্যাগ কৰি ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিয়ে উৰুকাৰ দিনা দিনৰ ১২ বজাৰ পৰা ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। দলৰ জিলা সভাপতি দিব্যজ্যোতি শৰ্মা আৰু ৰাজ্যিক সম্পাদক প্ৰবীন দাসৰ নেতৃত্বত যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হোৱা এই অনশনৰ অন্যান্য সদস্য সকল হ’ল জিলা উপ সভাপতি বিপ্লৱ চেতিয়া, সাধাৰণ সম্পাদক সূৰ্যমোহন দাস, পাপৰি গগৈ, প্ৰমোদ গগৈ, সম্পাদক পৰাণজিৎ সন্দিকৈ, তথ্য আৰু প্ৰচাৰ সম্পাদক কেশৰাম চেতিয়া, ধ্ৰুৱজ্যোতি বৰা, বীৰেন সিং ঘাটোৱাৰ, সুনন্দ বৰা ইকবাল আহমেদ আৰু চৰিফুল হুছেইন। "অখিল গগৈৰ ওপৰত হোৱা অন্যায় প্ৰতিটো পলৰ হিচাপ আগন্তুক নিৰ্বাচনত বিজেপিয়ে অসমৰ জনতাক দিব লাগিব। এজন ব্যক্তিৰ সাংবিধানিক অধিকাৰক খৰ্ব কৰি যি অন্যায় কৰিছে সেই অন্যায়ৰ প্ৰতিফল পাব বিজেপিয়ে । অখিলযে মাওবাদী-সন্ত্ৰাসবাদী নহয় সেই কথা অসমৰ ৰাইজে ভালকৈয়ে জানে । কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে বিজেপিয়ে কৰা এনে ফেচিষ্ট কাৰ্যক আমি প্ৰতিহত কৰিবই লাগিব । অখিলক জেলত ভৰাই বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিছে, টোলগেটত অবৈধ কৰ সংগ্ৰহ কৰিছে, এটাৰ পিছত এটা কেলেংকাৰী অবাধে কৰি গৈছে বিজেপিয়ে। লুই বাৰ্জাৰ, সাৰদা কেলেংকাৰীৰ মহানায়ক হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো কামৰ জবাব দিব লাগিব জবাব দিব লাগিব জাতীয়তাবাদীৰ পোচাক পিন্ধি দিল্লীৰ ওচৰত আঠু লোৱা সৰ্বানন্দ সোণোৱালে । সেয়ে ৰাইজ আজি বিহুৰ বতৰটো আন্দোলনলৈ ওলাই আহিছে ।" অনশন থলিত এই মন্তব্য কৰে জিলা সভাপতি দিব্যজ্যোতি শৰ্মাই । বিহুৰ দিনা দুপৰীয়া ১২ বজাত অনশনকাৰীসকলৰ একো গিলাচকৈ ফলৰ ৰস খোৱাই অনশন ভংগ কৰাই অৱসৰপ্ৰাপ্ত শিক্ষক তথা সংগ্ৰামী ব্যক্তি মানিক মহন্ত, কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ বৰদলৈ আৰু উপ সভাপতি উপেন্দ্ৰজিত মহন্তই। ইয়াৰ পিছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ৰাইজৰ দলৰ সদস্যই জেল ভৰো কাৰ্যসূচী ৰূপায়ণ কৰে । এ টি ৰোড, গড় আলি হৈ চহৰৰ মূল পথসমূহৰ মাজেৰে গৈ সকলোৱে যোৰহাট সদৰ থানাৰ সন্মুখত ধৰ্ণা দি সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় । সকলো সদস্যই অখিল গগৈ যদি মাওবাদী আমি সকলো মাওবাদী আমাকো গ্ৰেপ্তাৰ কৰি জেল দিযক নহ’লে অখিলক মুক্তি দিয়ক, বিজেপি আৰ এছ এছ মূৰ্দাবাদ, সাম্প্ৰদায়িকতা নিপাত যাওক আদি শ্ল’গানেৰে থানা চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। শেষত গ্ৰেপ্তাৰ নকৰাত অখিল গগৈক মুকলি কৰি দিবলৈ ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

No comments