গণ বাৰ্তা বিশেষ, লখিমপুৰ ১৭ জানুৱাৰী : ২০২১ বৰ্যৰ প্ৰথম কাৰ্যসূচী হিচাপে লখিমপুৰ জিলাৰ অন্তৰ্গত জন কল্যান আশ্ৰমৰ 81 জন ছাত্ৰ ছাত্ৰী ক চহৰৰ প...
গণ বাৰ্তা বিশেষ, লখিমপুৰ ১৭ জানুৱাৰী : ২০২১ বৰ্যৰ প্ৰথম কাৰ্যসূচী হিচাপে লখিমপুৰ জিলাৰ অন্তৰ্গত জন কল্যান আশ্ৰমৰ 81 জন ছাত্ৰ ছাত্ৰী ক চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, সমাজ কৰ্মী ও জন সেৱাৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰী ৰাজেশ মালপানীৰ পুত্ৰ সৌৰভ-জ্যোতি মালপানীৰ কন্যা জন্ম উপলক্ষে উনিফৰ্ম ,চুৱেটাৰ,বহি,কলম,পেঞ্চিল,স্কে
লে,চকলেট,পেঞ্চিল কাটাৰ,আদিৰ লগতে লঘু আহাৰ বিতৰণ কৰে। উক্ত বিতৰণ কাৰ্য্যসূচী ত মঙ্গল দ্বিভেদী যে আগ ধৰা চমু সভাত ছাত্র ছাত্ৰী সকলক সম্বোধি ৰাজেশ মালপানী ,প্ৰধান আচাৰ্য ৰেভা অধিকাৰী লগতে জন সেৱাৰ উপদেষ্টা ও বয়োজ্যেষ্ঠ সাংবাদিক শ্ৰী দেবেন্দ্ৰ কুমাৰ পাণ্ডেয়ে বহুমূলীয়া বক্তব্য আগবঢ়াই আৰু ভাষণ প্ৰসংগত কয় যে বৰ্তমানৰ এই কণ কণ শিশুবোৰৰ ভৱিষ্যতৰ সু নাগৰিক হিচাপে গঢ় দিবলৈ তেওঁলোকক উন্নত কৰি সু শিক্ষা আৰু সুবিধা দিব পৰাটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য হব লাগে।তেখেতে ছাত্ৰ ছাত্ৰীক ডাঙৰ হলে আনৰ সহায় কৰা প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনায়।সভাত ৰাজেশ মালপানীও বক্তব্য ৰাখে। জন সেৱাৰ হৈ বিতৰণ কার্যসূচীত মিলন দেৱনাথ,দেবানন্দ শৰ্মা, চি পি গুপ্তা, কাঁচিনাথ গুপ্তা, আনন্দ আগৰৱাল,গীৰধৰ আগৰৱালা প্ৰভাত কুমাৰ সিং ৰাজপুত,মঙ্গল দ্বিবেদী,সুৰেন্দ্ৰ চাহ,সৌৰভ মালপানী,ৰাজেশ মালপানী আদি সদস্য সকলে অংশগ্ৰহণ কৰে।
No comments