গণ বাৰ্তা,ৰহা ,৫জানুৱাৰী : ৰহাত প্ৰগতিশীল নাৰী সন্থাৰ উত্তাল প্ৰতিবাদ ৷নগাঁও জিলাৰ মিকিৰ বামুণী গাৱত উচ্ছেদৰ নামত অন্তঃসত্ত্বা মহিলাকে ধৰি খ...
গণ বাৰ্তা,ৰহা ,৫জানুৱাৰী : ৰহাত প্ৰগতিশীল নাৰী সন্থাৰ উত্তাল প্ৰতিবাদ ৷নগাঁও জিলাৰ মিকিৰ বামুণী গাৱত উচ্ছেদৰ নামত অন্তঃসত্ত্বা মহিলাকে ধৰি খিলঞ্জীয়া লোকৰ উপৰত পুলিচ প্ৰশাসনে কৰা অত্যাচাৰৰ বিৰুদ্ধে আজি ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ৰহা নতুন চাৰিআলিত নাৰী সন্থাৰ সদস্যসকলে হাতে হাতে বেনাৰ প'ষ্টাৰ লৈ ভ্ৰণ হত্যাকাৰী সোনোৱাল চৰকাৰ হায় হায় ,পুজিপতিৰ চৰকাৰ হায় হায়, কৃষি আইন বাতিল কৰক আদি চৰকাৰ বিৰোধী শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ জাতি মাটি ভেটিৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰৰ এনে খিলঞ্জীয়া বিৰোধী স্থিতিৰ পৰা আতৰি থাকিবলৈ নাৰী সন্থাই সকিয়নী প্ৰদান কৰে আৰু ভুক্তভোগী পৰিয়ালক উচিত ক্ষতিপুৰন দিবলৈ দাবী জনায় লগতে অতি শীঘ্ৰে দোষীক শাস্তি প্ৰদান নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে ৷
No comments