গণ বাৰ্তা, চেঙা ,২৪ জানুৱাৰীঃ ২০১৫ চনৰ ২৪ জানুৱাৰীত জন্মলাভ কৰা ৰাজ্যখনৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী , অসমৰ ষষ্ঠ বৰ্...
গণ বাৰ্তা, চেঙা ,২৪ জানুৱাৰীঃ ২০১৫ চনৰ ২৪ জানুৱাৰীত জন্মলাভ কৰা ৰাজ্যখনৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী , অসমৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । পাঁচখনকৈ গ্ৰন্থ উন্মোচন আৰু দুটাকৈ বঁটা প্ৰদানেৰে অহা ৩১ জানুৱাৰী, দেওবাৰে নলবাৰী জিলাৰ দৌলাশালত দিনজোৰা বিশাল কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'ব গোষ্ঠীটোৰ বৰ্ষপূৰ্তি অনুষ্ঠান ।এই উপলক্ষে আজি গোষ্ঠীটোৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত দৌলাশালৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ভাস্কৰ সামূহিক কেন্দ্ৰৰ বাকৰিত ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰা হয় । এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি লাইখুঁটা স্থাপন কৰে দৌলাশালৰ অৱসৰী প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাই । মাংগলিক কাৰ্যৰ বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠী , অসমৰ সভাপতি লীলাধৰ পাঠকে । গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমান আৰু বিশেষ প্ৰতিনিধি বাবুল বণিক্যই আঁত ধৰা আজিৰ অনুষ্ঠানটোত গোষ্ঠীটোৰ বিশেষ প্ৰতিনিধি জিয়াউৰ ৰহমান, সুৰভি বৰ্মন, নিপু শইকীয়া, দেৱজিৎ নাথ,সুবৰ্ণা বৈশ্য , কুলদীপ পাঠক, খঞ্জন পাঠকসহ সহকাৰী সম্পাদক ৰমণী নাথ,সুৰজিৎ পাঠক, কোষাধ্যক্ষ বনজিৎ বৈশ্য, সদস্য জেহেৰুল ইছলাম, আতিকুৰ ৰহমান, চানবৰ আলীকে আদি কৰি নলবাৰী আৰু বৰপেটা জিলাৰ কেইবাগৰাকী সদস্য উপস্থিত থকাৰ লগতে দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰৰ উপ সভাপতি মহেন্দ্ৰ মোহন ৰয় , সহকাৰী সম্পাদক প্ৰণৱ দাস, দৌলাশাল উন্নতি সাধিনী সভাৰ সহকাৰী সম্পাদক কামেশ নাথ আৰু কেইবাগৰাকী স্থানীয় বিশিষ্ট লোক উপস্থিত থাকে । অহা ৩১ জানুৱাৰীত অনুষ্ঠিতব্য ষষ্ঠ বৰ্ষপূৰ্তিৰ বিশাল প্ৰস্তুতিৰ কাৰ্যসূচী সম্পৰ্কত জানিবলৈ দিয়ে গোষ্ঠীটোৰ ৰাজ্যিক সম্পাদক তফিকুৰ ৰহমানে । কাৰ্যসূচী অনুসৰি ৩১ জানুৱাৰীৰ পুৱা ভাস্কৰ সামূহিক কেন্দ্ৰৰ দ্বাৰা স্বচ্ছ অভিযান সমাপনৰ পিছতে বিৰিণা গোষ্ঠী , অসমৰ সভাপতি লীলাধৰ পাঠকে পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । গছপুলি ৰোপণ কৰিব ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকে। পুৱা ১০-৩০ বজাত দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত আৰম্ভ হ'ব প্ৰতিনিধি সভা । প্ৰতিনিধি সভা মুকলি কৰিব গোষ্ঠীটোৰ অন্যতম উপদেষ্টা তথা বৰপেটাৰ বিশিষ্ট শিক্ষাব্ৰতী ৰোহিণী কুমাৰ দাসে ।ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা শতাধিক কবি- সাহিত্যিকে প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিব । বৰ্ষপূৰ্তি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিব দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক ৰবেন বৈশ্যই আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই । বিয়লি ৩ বজাত ভাস্কৰ সামূহিক কেন্দ্ৰৰ বাকৰিত অনুষ্ঠিত হ'ব মুকলি সভা , কবিতা পাঠ ,গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠান । সদৌ অসম সাংবাদিক সন্থা ( আজু )ৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিতব্য মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক- সমালোচক ড° দয়ানন্দ পাঠক আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব তথা সু-লেখক থানেশ্বৰ মালাকাৰে । সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব লক্ষীমপুৰৰ বিশিষ্ট লেখিকা কল্যাণী চক্ৰবৰ্ত্তী গগৈ, নলবাৰীৰ বিশিষ্ট কবি বিনয় কুমাৰ মজুমদাৰ, বিশিষ্ট কবি তথা সাহিত্য সংগঠক লক্ষীমপুৰৰ মুকুট গগৈ, নলবাৰীৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কণকণ শৰ্মা আৰু বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা বিশিষ্ট কবি নিতুল খাটনিয়াৰ । মুকলি সভাতে বিৰিণাৰ বাৰ্ষিক কাব্যালোচনী "বৃন্তিকা" , জিয়াউৰ ৰহমানৰ কাব্যগ্ৰন্থ "ছৈ দিয়া গৰুগাড়ী" , ৰমণী নাথৰ কাব্যগ্ৰন্থ "একাবেঁকা বাট" নাজলীনা আলম সম্পাদিত বহুভাষিক বাৰ্ষিক কাব্যালোচনী " নিয়ৰ" আৰু নকুল তালুকদাৰৰ "বিৰিণাৰ প্ৰজ্ঞা" এই পাঁচখন গ্ৰন্থ উন্মোচন কৰা হ'ব । উক্ত অনুষ্ঠানতে বিগত বছৰবোৰৰ দৰে এইবেলি "বিৰিণা সাহিত্য বঁটা-২০২১" আৰু "বিৰিণা সংবাদ প্ৰহৰী বঁটা-২০২১" প্ৰদান কৰা হ'ব ক্ৰমে বিশিষ্ট সাহিত্যিক, গৱেষক-পণ্ডিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° মাধুৰ্য্যমণ্ডিত বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক তথা ডিৱাই-৩৬৫ চেনেলৰ যুটীয়া সম্পাদক ড° কুমুদ দাসক । সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীত গোষ্ঠীটোৰ শিল্পীবৃন্দৰ লগতে কন্ঠশিল্পী পূবালী কাশ্যপে গীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কবি-সাহিত্যানুৰাগীৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ বৰ্ষপূৰ্তিৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে বিৰিণা গোষ্ঠীৰ কৰ্মকৰ্তাই ।
No comments