Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জনীয়াত অসম জাতীয় পৰিষদৰ বৰপেটা জিলাৰ মূখ্য আহ্বায়কৰ সংবাদমেল

  গণ বাৰ্তা বিশেষ কলগাছিয়া ২১ জানুৱাৰী : অসম জাতীয় পৰিষদত যোগদান কৰাৰ পৰাই আনন্দিত প্ৰবীন কংগ্ৰেছী নেতা তথা এজেপি দলৰ বৰপেটা জিলাৰ মুখ্য আহ্...

 


গণ বাৰ্তা বিশেষ কলগাছিয়া ২১ জানুৱাৰী : অসম জাতীয় পৰিষদত যোগদান কৰাৰ পৰাই আনন্দিত প্ৰবীন কংগ্ৰেছী নেতা তথা এজেপি দলৰ বৰপেটা জিলাৰ মুখ্য আহ্বায়ক ইদ্ৰছি আলী আহমেদ। ১৯৭২ চনৰ পৰা ১৯৮০ চনলৈ ছাত্ৰ সন্থাৰ লগত থাকি সমাজ সেৱা কৰা ইদ্ৰিছ আলী আহমেদে অসম জাতীয় পৰিষদত যোগদান কৰি নিজৰ ঘৰত থকাৰ দৰে অনুভৱ কৰে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ ঘোষনাত আপ্লুত হৈ এজেপিত যোগদান কৰিছে ইদ্ৰিছ আলী আহমেদে। আজি জনীয়া সমষ্টিৰ খৰিচালাত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে। আগন্তুক নিৰ্বাচনৰ বাবে  অসম জাতীয় পৰিষদে জনীয়া সমষ্টিত এজন যোগ্য প্ৰাৰ্থীত্ব প্ৰদান কৰিলে  বিপুল সংখ্যক ভোটত জয়ী হ'ব বুলি দাবী কৰে । এজেপিক ভোট দি জয়ী কৰিলে ১৯৭১ চনৰ পূৰ্বৰ সকলোৱে ভাৰতীয় হিচাপে সন্মান সহকাৰে বসবাস কৰাৰ অধিকাৰ পাব। খিলঞ্জীয়া আৰু অখিলঞ্জিয়াৰ কোনো প্ৰাৰ্থক্য নাথাকিব। লুৰিনজ্যোতি গগৈয়ে আছুৰ সম্পাদক থকা সময়ত এন আৰ চিত নাম অন্তৰ্ভূক্ত হোৱা লোকৰ বিৰুদ্ধে বেনামী আপত্তি দৰ্শোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আহমেদে কয় যে, সেই ক্ষেত্ৰত এটা গোপন নম্বৰ আছে যিটো নম্বৰ কেৱল চৰকাৰ আৰু এন আৰ চিৰ কামৰ লগত জড়িত বিষয়া সকলেহে জানিছিল। তেনেক্ষেত্ৰত আছুৱে বেনামী আপত্তি দৰ্শোৱাৰ কোনো প্ৰশ্নই  নাহে বুলি জানিবলৈ দিয়ে ইদ্ৰিছ আলী আহমেদে। অসম জাতীয় পৰিষদৰ লগত থাকিলে কোনেও মিয়া বাংলাদেশী বুলি তুচ্ছ-তাচ্ছিল্য কৰিব নোৱাৰে বুলিও মন্তব্য কৰে । অসম গণ পৰিষদক বিশ্বাস ঘাতকৰ দল আখ্যা দিয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ নেতৃত্বকেন্দ্ৰীক সংঘাতে সাম্প্ৰদায়িক বিজেপিৰ আগ্ৰাসনত সহায় কৰিছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মহাজোট একেবাৰে বিফল হব বুলি প্ৰকাশ কৰে। সমাগত ২০২১ ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে চৰকাৰ গঠন কৰিব । উল্লেখযোগ্য যে ১৯৮৫ চনত কংগ্ৰেছৰ দলীয় টিকটেৰে ইদ্ৰিছ আলী আহমেদে জনীয়া সমষ্টিত প্ৰতিদ্বন্দিতা কৰি ইউ এম এফৰ হাতত পৰাজয় বৰণ কৰিছিল যদিও জেষ্ঠ্য নেতা গৰাকীয়ে কংগ্ৰেছৰ মাজত দেখা দিয়া চৰম অৰাজকতাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি অসম জাতীয় পৰিষদত যোগদান কৰে। আহমেদৰ যোগদানে বৰপেটা জিলাত অসম জাতীয় পৰিষদৰ দৃশ্যপট সলনি হোৱাৰ পুৰ্ণসম্ভাৱনা আছে। ইতিমধ্যে বৰপেটা জিলাত ২৫ জানুৱাৰীৰ ভিতৰত সমষ্টি কমিটি, ব্লক কমিটি, পঞ্চায়ত আৰু বুথ কমিটি গঠনৰ প্ৰক্ৰিয়া সম্পন্ন কৰি জিলা নেতৃত্বৰ হাতত জমা দিবলৈ আহ্বান জনায়। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজৌতি গগৈৰ জনপ্ৰিয়তাত শংকিত হৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফে অপপ্ৰচাৰত নামি পৰিছে বুলি মন্তব্য কৰি অসম জাতীয় পৰিষদৰ একো ক্ষতি নহব বুলি সংবাদমেলত ষ্পষ্ট কৰি দিয়ে ।


No comments