Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সেউজ ৰাণী লামডিংৰ পৰা নাৰীৰ আত্মৰক্ষাৰ বাৰ্তা "লামডিং পৰিবেশৰ"

গণবাৰ্তা,  গুৱাহাটী, ১৩ জানুৱাৰী:  নতুন বৰ্ষৰ আৰম্ভণিতে নাৰীৰ সুৰক্ষাৰ বাবে এক সুন্দৰ বাৰ্তাৰ সূচনা হ'ল লামডিং ৰ পৰা। ২০১৮ বৰ্ষত আৰম্ভ হ...


গণবাৰ্তা, গুৱাহাটী, ১৩ জানুৱাৰী: নতুন বৰ্ষৰ আৰম্ভণিতে নাৰীৰ সুৰক্ষাৰ বাবে এক সুন্দৰ বাৰ্তাৰ সূচনা হ'ল লামডিং ৰ পৰা। ২০১৮ বৰ্ষত আৰম্ভ হোৱা লামডিং পৰিবেশ তথা ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠক লোক সংস্কৃতি ট্ৰাষ্টৰ উদ্যোগত দুদিনীয়াকৈ লামডিংত যুৱতীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ আৰু ড্ৰাগচ মুক্ত সমাজ এখন গঢ়াৰ প্ৰয়াসেৰে অনুস্থিত হোৱা সুন্দৰ অনুস্থানৰ সফল সামৰণি পৰে। কাৰ্যসূচী অনুসৰি লামডিং পৰিবেশৰ পতাকা উত্তোলন কৰে বিশিষ্ট ক্ৰীড়া সংগঠক ৰূপক বৈশ্যই। আনহাতে চিল্ড্ৰেনপাৰ্কত অনুস্থিত হোৱা যুৱতীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি লামডিং পৰিবেশৰ প্ৰতিষ্ঠাপক জয় চক্ৰৱৰ্তীয়ে যুৱতী সকলক সাহস প্ৰদান কৰি কয় - নিজকে সুস্থ আৰু সবল কৰি ৰাখি , নিজকে ৰক্ষা কৰিবলৈ সকলো সাজু হবৰ হল, তাৰেই প্ৰতিচ্ছবি আত্মৰক্ষাৰ প্ৰশিক্ষন। ইপিনে ক্ৰীড়া সংগঠক ৰূপক বৈশ্যই যুৱতী সকলক উদ্দেশ্যি কয়-- অসম এতিয়া ক্ৰীড়াৰ পাৱাৰহাউচ হৈ পৰিছে, ধুনীয়া লামডিংখনৰ  পৰা সুদক্ষ খেলুৱৈ সৃষ্টিৰ সকলোৱে পণ লব লাগে।  ইপিনে ১০ ডিচেম্বৰত লামডিং পৰিবেশৰ ব্যাপক অনুস্থানৰ সামৰণিৰ দিনা পুৱা লামডিংৰ ৰাজপথত ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে এক বৃহৎ সজাগতামূলক ৰেলী আৰু এখনি বাটৰ নাট প্ৰদৰ্শিত হয়। অনুস্থানৰ শেষত নৃত্য গীতৰ সমাহাৰেৰে দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰে একাংশ ছাত্ৰ-ছাত্ৰীয়ে। সামৰণি অনুস্থানত উপস্থিত থাকি আয়ূষ পাব্লিক  স্কুলৰ সঞ্চালক তথা ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সামাজিক মাধ্যমৰ সহ সংযোজক প্ৰদুম্ন দত্তই আত্মৰক্ষাৰ প্ৰশিক্ষণত আৰু বাটৰ নাটত অংশগ্ৰহনকাৰীসকলক মানপত্ৰ, গছৰ পুলি আৰু উপহাৰ প্ৰদান কৰে। আনহাতে উক্ত অনুস্থানত শিশু শিল্পী দিগন্ত নাথে কণ্ঠ প্ৰদান কৰা লামডিং পৰিবেশৰ থীম চং মুকলি কৰা হয়। সম্প্ৰতি সমগ্ৰ লামডিংতে যুৱ নেতা জয় চক্ৰৱৰ্তীয়ে জনতাৰ কাষত গৈ এখন নতুন ছবি অংকন কৰিছে। ৰাষ্ট্ৰীয় মঞ্চত গানেৰে দেশবাসীৰ মন জয় কৰিবলৈ সক্ষম হোৱা কণ্ঠশিল্পী জয় চক্ৰৱৰ্তীয়ে এতিয়া সামাজিক উন্নয়নৰে মন জয় কৰিছে লামডিংবাসীৰ।

No comments