গণবাৰ্তা,ছিপাঝাৰ , ২৪ জানুৱাৰী : শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পঞ্চদশ বাৰ্ষিক অধিৱেশন উপলক্ষে আজি দক্ষিণ চুবুৰিত অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাছনি...
গণবাৰ্তা,ছিপাঝাৰ , ২৪ জানুৱাৰী : শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পঞ্চদশ বাৰ্ষিক অধিৱেশন উপলক্ষে আজি দক্ষিণ চুবুৰিত অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাছনি সভাত তাৰেনী হাজৰিকাক সভাপতি , ৰেৱ বনিয়া আৰু গোবিন্দ নাথক উপ সভাপতি , দিলীপ ডেকাক সম্পাদক , নৱ কুমাৰ শইকীয়া আৰু সঞ্জীৱ ডেকাক সহকাৰী সম্পাদক হিচাপে লৈ পৰৱৰ্তী কাৰ্যকালৰ বাবে সংঘৰ ছিপাঝাৰ আঞ্চলিক শাখাৰ নতুন সমিতি খন গঠন কৰা হয় । স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই উদ্বোধন কৰা তথা আঞ্চলিক শাখাৰ সভাপতি জগত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত গুৰুজনাৰ আদৰ্শৰে সংঘক অধিক সক্ৰিয় আৰু গতিশীল কৰি তোলাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । বিশিষ্ট সমাজকৰ্মী কুলদীপ বৰুৱাই স্মৃতি তৰ্পন কৰা আৰু বন্দনা ডেঞ্চ একাডেমী শিল্পী সকলে পৰিৱেশন কৰা কৃষ্ণ নৃত্যৰে শুভাৰম্ভ হোৱা প্ৰতিনিধি সভাত এ পি এছ চিত স্থানপ্ৰাপ্ত নন্দিতা চহৰীয়া আৰু কৰবী বনিয়াক সম্বৰ্ধনা জনোৱা হয় । প্ৰতিনিধি সভাৰ পূৰ্বে জিলা সদস্য জয়ন্ত হাজৰিকাই সভাগৃহ উন্মোচন , অৰুন চন্দ্ৰ ডেকা আৰু চন্দ্ৰ বনিয়াই বন্তি প্ৰজ্বলন , নৱ কুমাৰ শইকীয়াই ভাগৱত পাঠ , ভৈৰৱ নাথে প্ৰসঙ্গ আৰু নামঘৰীয়া গোলোক নাথে শৰাই নিবেদন কৰে।
No comments