ষ্টাফ ৰিপ'ৰ্টাৰ নলবাৰী, ১৯ জানুৱাৰীঃ নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী দীনেশ তামুলী,প্ৰবীণ মুক্তিযোদ্ধা কেশৱ চন্দ্ৰ বৰ্মন,ভূবন তামুলী,টংকেশ্ব...
ষ্টাফ ৰিপ'ৰ্টাৰ নলবাৰী, ১৯ জানুৱাৰীঃ নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী দীনেশ তামুলী,প্ৰবীণ মুক্তিযোদ্ধা কেশৱ চন্দ্ৰ বৰ্মন,ভূবন তামুলী,টংকেশ্বৰ সোনাৰ ভূঞা,মহেন্দ্ৰ বৰ্মনৰ সোঁৱৰণত বৰকুৰা ৰামায়া ক্লাৱে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা প্ৰথম বাৰ্ষিক প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা খনৰ আজি সামৰণি পৰে।ক্ৰীড়া সংগঠক কিশোৰ দাসে আঁত ধৰা প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই।আনহাতে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা বোলছবি প্ৰযোজক অজিত বৰ্মন,সমাজ কৰ্মী ধৰণী বৰ্মন,দীপক কুমাৰ শৰ্মা,গিৰীন্দ্ৰ কুমাৰ বৰ্মন,কুলজিৎ বৰ্মনৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।১৮ তাৰিখে প্ৰতিযোগিতা খনৰ ফাইনেল খেলখন এন.চি.চি. চান্দকুছি,নলবাৰী আৰু চেভেন প্লাছ,বৰকুৰাৰ মাজত অনুষ্ঠিত হয়।উক্ত খেল খনত বিজয়ী দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় এন.চি.চি. চান্দকুছি,নলবাৰীয়ে।তাৰ পিছতে বঁটা বিতৰণী অনুষ্ঠানটো আৰম্ভ হয়।তাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশ্বজিৎ বৰ্মন,প্ৰশান্ত বাৰ্মা আৰু আছিফ ইজাজে।
No comments