সঞ্জয় সৰকাৰ , কাজলগাঁঁও, ২ জানুৱাৰীঃ বিজনী যুৱক সংঘৰ উদ্যোগত আৰু চিৰাং জিলা আৰক্ষীৰ সহযোগত চলা টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত গোৱালপাৰাৰ লক্ষীপু...
সঞ্জয় সৰকাৰ , কাজলগাঁঁও, ২ জানুৱাৰীঃ বিজনী যুৱক সংঘৰ উদ্যোগত আৰু চিৰাং জিলা আৰক্ষীৰ সহযোগত চলা টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত গোৱালপাৰাৰ লক্ষীপুৰ ক্লাব ছেমিফাইনেলত প্ৰৱেশ কৰিছে।বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত আজিৰ উত্তেজনাপূূৰ্ণ কোৱাৰ্টাৰ ফাইনেল খেলখনত লক্ষীপুৰে ডাং তলৰ ৰে'লৱে ৱৰ্কশ্বপ স্প'ৰ্টছ ক্লাবক ২ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ডাংতলে নিৰ্ধাৰিত ২০ অ'ভাৰত ৭ উইকেটৰ বিনিময়ত ১৩১ ৰান কৰাৰ বিপৰীতে লক্ষীপুৰে ৩ টা বল বাকী থকা অৱস্থাত ৮ উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।আজিৰ খেলৰ মেন অৱ দ্য মেচ বিবেচিত হোৱা বিজয়ী দলৰ জংখাৰ মমিনক বঁটা প্ৰদান কৰে বিজনীৰ শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য উত্তম দাসে। কাইলৈ হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত আলিপুৰ জংচন ক্লাবৰ বিপৰীতে বিজনীৰ চিণ্ময় ইলেভেন অৱতীৰ্ণ হ'ব।
No comments