সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি, ২১ জানুৱাৰী: অসম জাতীয় পৰিষদৰ আহ্বান মৰ্মে মাজুলী জিলা জাতীয় পৰিষদে তিনি দফীয়া দাবী পূৰণাৰ্থে মা...
সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি, ২১ জানুৱাৰী: অসম জাতীয় পৰিষদৰ আহ্বান মৰ্মে মাজুলী জিলা জাতীয় পৰিষদে তিনি দফীয়া দাবী পূৰণাৰ্থে মাজুলী জিলা সদৰ গড়মুৰত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনি ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰে । তাৰ পিছত প্ৰতিবাদকাৰী সকলে সমদল কৰি আহি লাইকা দধিয়া বাসীৰ পুনৰ সংস্থাপন, বান খহনীয়াৰ স্থায়ী সমাধান, হৰি শংকৰ ব্ৰহ্ম প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত উক্ত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰী সকলে মাজুলী জিলা অসম জাতীয় পৰিষদৰ মূখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা সন্মূখত বেনাৰ হাতে-হাতে প্লে-কাৰ্ড লৈ প্ৰায় শতাধিক দলীয় সমৰ্থকে ৰাজপথেৰে প্ৰতিবাদ কৰি আহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়। প্ৰতিবাদকাৰী সকলে মাজুলী যোৰহাট সংযোগী দলং আৰু নিমাতীত সজাই থোৱা ৰ'পেক্স সন্দৰ্ভত মাজুলীবাসীক আভুৱা ভৰা বুলি ক্ষোভ উজাৰে। প্ৰতিবাদ থলিত মাজুলী জিলাৰ কাৰ্যবাহী দন্দাধিষ বিভাষ পাঠক উপস্থিত হোৱাত প্ৰতিবাদ কাৰী সকলৰ হৈ মাজুলী জিলা অসম জাতীয় পৰিষদৰ সভাপতি শিশুধৰ দলে আৰু সম্পাদক হেমন্ত বৰা স্বাক্ষৰিত তিনি দফিয়া স্মাৰক পত্ৰ অসমৰ মূখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ বাবে অৰ্পণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ উপসভাপতি তথা মাজুলী সমষ্টি তত্বাবধায়ক বিৰেণ বৰুৱাই বিজেপি চৰকাৰক মিথাচাৰ আৰু পলোভনকাৰী চৰকাৰ আখ্যা দি ক্ষোৰধাৰ সমালোচনা কৰে। প্ৰতিবাদী সমদলত মাজুলী সমষ্টি প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে , শিক্ষাবিদ সমাজ সেৱিকা চেনেহী গগৈ কলিতা আদি বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।
No comments