Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল

  ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২০ জানুৱাৰী:  নাগৰিকত্ব সংশোধনী আইন বাতিলৰ  দাবীত আজি পুনৰ এবাৰ উত্তাল হৈ পৰে যোৰহাট নগৰ । 'কা আমি নামানো, অবৈ...

 


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২০ জানুৱাৰী:  নাগৰিকত্ব সংশোধনী আইন বাতিলৰ  দাবীত আজি পুনৰ এবাৰ উত্তাল হৈ পৰে যোৰহাট নগৰ । 'কা আমি নামানো, অবৈধ বিদেশীৰ বোজা অসমে নলয়, বিজেপি হাই হাই আদি শ্লগানেৰে আজি পুনৰ এবাৰ যোৰহাটৰ আকাশ বতাহ কপাই তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । পৰিষদৰ  যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি 'কা'ৰ  বিৰোধীতা কৰাৰ লগতে   অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবীত আজি যোৰহাট নগৰত  বাহিৰ কৰা হয় এক জোৰ সমদল।  যোৰহাট ষ্টেডিয়ামৰ মুকলি প্ৰাংগণৰ পৰা আৰম্ভ হোৱা এই জোৰ সমদলত পৰিষদৰ শতাধিক সদস্যই অংশ গ্ৰহণ কৰে। জোৰ সমদলটোৱে যোৰহাটৰ মূল পথ সমূহেদি সমদল কৰি পুনৰ যোৰহাট ষ্টেডিয়ামত সামৰণি কৰে। এই জোৰ সমদলত অংশ গ্ৰহণ কৰি পৰিষদৰ কেন্দ্ৰীয় সদস্য শিৱ কলিতাই কয় যে, বিজেপি চৰকাৰে আমাৰ জাতি মাটি ভেটি বিদেশীৰ হাতত বিক্ৰী কৰাৰ যি ষড়যন্ত্ৰ  কৰিছে তাক কেতিয়াও সহ্য কৰা নহব। বিজেপিয়ে 'কা বাতিল নকৰা পৰ্যন্ত অসমৰ ৰাইজ মনে মনে নাথায়ে। আৰু আমাৰ এই কা বিৰোধী আন্দোলন ৰাইজৰ সহযোগত অব্যাহত থাকিব বুলি উল্লেখ কৰে ।

No comments