Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

খোৰাঘাটত বন কৰ্মীৰ মাৰাথন অভিযানত মূল্যাৱান চোৰাংকাঠ জব্দ

  গনবাৰ্তা গৌৰীপুৰ  ১ জানুৱাৰী - ধুবুৰীৰ জিলাৰ সীমামূৰীয়া খোৰাঘাট আঞ্চলিক বন কাৰ্য্যালয়ৰ  বন বিষয়া কৰ্মীৰ এক  সফলতা অভিযানত তিনিখনকৈ ঘোঁৰা...

 


গনবাৰ্তা গৌৰীপুৰ  ১ জানুৱাৰী - ধুবুৰীৰ জিলাৰ সীমামূৰীয়া খোৰাঘাট আঞ্চলিক বন কাৰ্য্যালয়ৰ  বন বিষয়া কৰ্মীৰ এক  সফলতা অভিযানত তিনিখনকৈ ঘোঁৰাৰ গাড়ী, আৰু ছাইকেল সহ বৃহৎ পৰিমানৰ মূল্যবান চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আজি খোৰাঘাট আঞ্চলিক বন কাৰ্য্যালয়ৰ ৰেঞ্জাৰ উত্তমানন্দ গোস্বামীৰ নেতৃত্বত এটি বনকৰ্মীৰ সঁজাতী দ’লে গোপন সূএৰ পম খেদি মহাময়া সংৰক্ষিত বনাঅঞ্চলৰ জংগিৰ কিল্লা, মাক্ৰীঝোৰা আদি অঞ্চলত মাৰাথান অভিযান চলাই  তিনিখনকৈ ঘোঁৰাৰ গাড়ী,আৰু ছাইকেলৰ সৈতে বৃহৎ পৰিমানৰ মূল্যবান শাল,চেগুন, চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়  ৷ ইফালে ঘটনা স্থলীত বন কৰ্মীৰ দ’লৰ অহাৰ উমান পাই চোৰাংকাৰবাৰীৰ দ’লটোৱে  ঘটনাস্থলীৰ পৰা পলাই পএং দিয়ে ৷ পিছত বন কৰ্মীৰ দলটোৱে জব্দকৃত সামগ্ৰী সহ চোৰাং কাঠ খিনি জব্দ কৰি  খোৰাঘাট বন কাৰ্য্যালযলৈ আনে ৷ জব্দকৃত কাঠৰ মূল্য আনুমানিক এক লক্ষাধিক মান  হব ৷ ইপিনে যোৱা কিছুদিনত চোৰাংকাৰবাৰীৰ বিৰুদ্বে খোৰাঘাট বন কৰ্মীৰ দলে অভিযান চলোৱাত চোৰাংকাৰবাৰী সকলৰ নিদ্ৰা হৰণ পৰিছে  বুলি জনা যায় ৷ আনফালে কিছুমান দুষ্ট চক্ৰে খোৰাঘাট শিল-ৱালি মহলত চালান বিহীন ভাৱে শিল-ৱালি কঢ়িয়াই লৈ যোবাৰ ক্ষেত্ৰত বন বিষয়া কৰ্মচাৰী জঢ়িত থকা বুলি  বন বিষয়াৰ বিৰুদ্বে হাঠে -বজাৰে ভুৱা অপপ্ৰচাৰ চলাইছে ৷ এই সন্দৰ্ভত খোৰাঘাট  বন বিষয়া কৰ্মী সকলে কোনো দূৰ্নীতিৰ লগত জঢ়িত নহয় বুলি খোৰাঘাটৰ বন কাৰ্য্যালয়ৰ ডেপুটি ৰেঞ্জাৰ বাবুল চন্দ্ৰ দাসে সাংবাদিকক জানিবলৈ দিয়ে ।

No comments