Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চছিয়েল মেডিয়াত আলফা জিন্দাবাদ ধ্বনি; লামডিঙত আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিলে যুৱকক

মাহমুদ আলী, নীলবাগান ২৮ জানুৱাৰী: আলফা জিন্দাবাদ ধ্বনি দিলেই আপুনি যাব জেললৈ৷ চছিয়েল মেডিয়াত আলফা জিন্দাবাদ ধ্বনি দি হোজাইৰ লামডিঙত গ্ৰেপ্তা...


মাহমুদ আলী, নীলবাগান ২৮ জানুৱাৰী: আলফা জিন্দাবাদ ধ্বনি দিলেই আপুনি যাব জেললৈ৷ চছিয়েল মেডিয়াত আলফা জিন্দাবাদ ধ্বনি দি হোজাইৰ লামডিঙত গ্ৰেপ্তাৰ হল এজন যুৱক৷যুৱকজন হৈছে লামডিং মুৰাবস্থিৰ ৰাজু নাথ ওৰফে বিষ্ণু চন্দ্ৰ নাথ৷ চছিয়েল মিডিয়াত আলফাৰ সমৰ্থনত পষ্ট দি আৰক্ষীৰ ৰোষত পৰিল ৰাজু নাথ ৷ঘটনা অনুসৰি মুৰাবস্তিৰ নিবাসী ৰাজু নাথে নিজৰ ফেচবুক প্ৰফাইলত লিখিছিল আলফা জিন্দাবাদ ধ্বনি ৷ পৰবৰ্তী সময়ত অসম আৰক্ষীৰ চাইবাৰ চেলৰ ৰোষত পৰিল যুৱকজন ৷ চাইবাৰ চেলৰ অন্তগৰ্ত লামডিঙ আৰক্ষীয়ে আটক কৰিলে যুৱকজনক ৷  আনন্দতে আলফা জিন্দাবাদ বুলি ফেচবুকত লিখি পেলাইছিল এনেধৰনৰ মন্তব্য আৰু যাৰ ফলত ৰঙাঘৰৰ আলহী হ'ব লগীয়া হ'ল বিষ্ণু নাথ ৷ লামডিং আৰক্ষীয়ে 14/21 নম্বৰ গোচৰত 294 (A) 506 I.P.C R/W 13 UA(P) act & R/W 45 আই টি এক্টৰ অধীনত আটক কৰি নগাওঁ জেললৈ প্ৰেৰন কৰে যুৱকজনক৷ চচিয়েল মিডিয়া ব্যৱহাৰ কৰোতে সাৱধান হওঁক যিকোনো ধৰনৰ বিতৰ্কিত পষ্টে আপোনালৈ আনিব পাৰে ৰাজু নাথৰ দৰে ভয়ংকৰ বিপদ৷আলফাৰ সমৰ্থনত পোষ্ট কৰি জেল গমনৰ এই ঘটনাই জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

No comments