Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সোণতলীত দিবা নৈশ প্ৰাইজমানি বেডমিন্টনত চি পি আৰ চি ক্লাবৰ জয়লাভ

গণবাৰ্তা,সোণতলী,১১ জানুৱাৰী:কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ছমৰীয়াপাম ৰয়েলছ ক্লাবৰ উদ্যোগত ছমৰীয়াপামস্থিত আশ্ৰাফুল উলুম ...


গণবাৰ্তা,সোণতলী,১১ জানুৱাৰী:কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ছমৰীয়াপাম ৰয়েলছ ক্লাবৰ উদ্যোগত ছমৰীয়াপামস্থিত আশ্ৰাফুল উলুম এম ই মাদ্ৰাছাৰ খেল পথাৰত যোৱা ৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা দিবা-নৈশ প্ৰাইজমানি বেডমিন্টন প্ৰতিযোগীতাৰ আজি চূড়ান্ত খেল খন অনুষ্ঠিত হয় ৷ চি পি আৰ চি ক্লাব আৰু ইমপেৰিয়েল ক্লাবৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাৰ চূড়ান্ত খেলত চি পি আৰ চি ক্লাব বিজয়ী হয় ৷ প্ৰতিযোগীতাৰ চূড়ান্ত খেলৰ অন্তত উক্ত খেল পথাৰতে বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ ছমৰীয়াপাম ৰয়েলছ ক্লাবৰ সভাপতি শ্বিবলী আকন্দৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত প্ৰতিযোগীতাৰ বিজয়ী আৰু ৰাণাৰ্চ আপ দলক নগদ ধনৰ লগতে ট্ৰফীও প্ৰদান কৰা হয় ৷ আনহাতে, প্ৰাইজমানি বেডমিন্টন প্ৰতিযোগীতাত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা আনিছুল ইছলামকো উক্ত সভাতেই ট্ৰফী প্ৰদান কৰা হয় ৷ বঁটা বিতৰণী সভাত বিজেপিৰ বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি স্বাহ স্বাহিন আলম, আশ্ৰাফুল উলুম এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আজিজুৰ ৰহমান, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড° মোজাম্মেল হক আৰু শেলেসুঁতি জে এছ এম ই স্কুলৰ প্ৰধান শিক্ষক ছামচুল আলম ভূঞাৰ লগতে স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে ৷ 

No comments