Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট চিনামৰা মহাবিদ্যালয়ত সপ্তম বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন , কেইবাজনো বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান

  ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৯ জানুৱাৰী: যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ত দেওবাৰে সম্পন্ন হয় সপ্তম বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান । মোহন চন্দ্ৰ মহন্...


 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৯ জানুৱাৰী: যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ত দেওবাৰে সম্পন্ন হয় সপ্তম বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান । মোহন চন্দ্ৰ মহন্ত সমাজ বিজ্ঞান অধ্যয়ন গৱেষণা কেন্দ্ৰ আৰু চিনামৰা মহাবিদ্যালয়ৰ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানটোৰ সভাখন  পৰিচালনা কৰে চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ   আনন্দ শইকীয়াই । মহাবিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক - শিক্ষয়িত্ৰীসকলৰ দ্বাৰা কোৰাছেৰে আৰম্ভ হোৱা বঁটা প্ৰদান অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰি সভা খনৰ আঁত ধৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড0 অঞ্জন শইকীয়াই । মঞ্চত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত দধি মহন্ত সোঁৱৰণী বঁটা প্ৰদান কৰা হয় পশ্চিম বংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড0 মাভালী ৰাজনক । ভৱানন্দ দত্ত স্মাৰক বঁটা প্ৰদান কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক তথা মুৰব্বী ড0  অখিল ৰঞ্জন দত্তক । হৰিজন বন্ধু মামা কৃষ্ণনাথ শৰ্মা গৱেষণা বঁটা প্ৰদান কৰা হয় দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত দয়াল সিং কলেজৰ  প্ৰাধ্যাপক ড0 উমা শংকৰ সিংক । আৰু শ্ৰেষ্ঠশ্চ বঁটা প্ৰদান কৰা হয় বিশিষ্ট  সাংবাদিক ৰিপুঞ্জয় গগৈক । ইয়াৰ উপৰি মহাবিদ্যালয়ৰ শাখা সাহিত্য সভা আৰু প্রকাশনে সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা আঠ গৰাকী ব্যক্তি ক্ৰমে মৰিয়নীৰ বিশিষ্ট লোক শিল্পী পূর্ণ দত্ত, চামেলি মেমচাব বোলছবিৰ অন্যতম অভিনেত্ৰী জিনু মাৰ্চেন্ট দত্ত, বিশিষ্ট লোক শিল্পী সঞ্জয় কুমাৰ বৰা, নাট্যকাৰ ,কবি,ঔপন্যাসিক বিনয় শইকীয়া আৰু আজান পীৰৰ অমূল্য সৃষ্টি জিকিৰৰ প্ৰসিদ্ধ শিল্পী নেকিব আহমেদক বিশেষ সন্মান জনোৱা হয় । মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড0 বিনাপানী দেৱী আৰু জ্যেষ্ঠ সাংবাদিক বিকাশজ্যোতি মহন্তই  বন্তি প্ৰজ্বলন কৰা বঁটা প্ৰদান অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকি বঁটা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড0 হৰি চন্দ্ৰ মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক তথা বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ মানৱ সম্পদ উন্নয়ন কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক ড0 যোগেন্দ্ৰ চন্দ্ৰ কলিতা ,ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ যোৰহাট আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক ড0 অনিল বৰা, কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ,তথা বিশিষ্ট নিবন্ধকাৰ ড0 অনিল কুমাৰ শইকীয়া আৰু যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মাধৱ মহন্তৰ লগতে বঁটা প্ৰাপক বিশিষ্ট ব্যক্তিকেইজনে বক্তব্য প্ৰদান কৰে । উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড0 অখিল ৰঞ্জন দত্তই তেওঁৰ বক্তব্যত কয় যে বৰ্তমান দেশৰ যি পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছে এতিয়া কথা কবলৈ ভয় লগা হৈছে । কিবা অভিযোগ থাকিলেও কথা কোৱাৰ পৰিৱেশ নোহোৱা হৈছে  । আন কি কোনো বিশ্ববিদ্যালয়ৰ শিক্ষা গুৰুৱেও কথা কবলৈ , কিবা পৰামৰ্শ দিবলৈ চিন্তা কৰিব লগীয়া হৈছে বুলি কয় । উল্লেখ্য যে মোহন চন্দ্ৰ মহন্ত গৱেষণা কেন্দ্ৰৰ সমাজ বিজ্ঞানৰ গবেষণামূলক বঁটা আৰু হোমেশ্বৰ দেৱ শৰ্মা শ্ৰেষ্ঠশ্চ বঁটা প্ৰদান অনুষ্ঠানটোৰ  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা  তন্ময়জ্যোতি মহন্তই  দধি মহন্ত ,ভবানন্দ দত্ত ,হৰিজন বন্ধু মামা কৃষ্ণ শৰ্মা স্মৃতিত আৰু অধিবক্তা জয়ন্ত দেৱ শৰ্মাই তেওঁৰ পিতৃৰ স্মৃতিত বঁটা আগবঢ়াই । উক্ত বঁটা প্ৰদান অনুষ্ঠানটোৰ সভাত বার্তালোচনী বিশ্বমুখী যুগবার্তাৰ চতুৰ্থ বৰ্ষপূৰ্তি সংখ্যা উন্মোচন আৰু কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় । অভিনয় ,জিকিৰ আৰু বিহুৰ সুৰেৰে সভা সমাপন হয় ।

No comments