গণ বাৰ্তা, শালবাৰী, ১ জানুৱাৰী: কংগ্ৰেছ নেতা ধীৰাজ দেউৰীৰ সভাপতিত্বত বৰপেটাৰোড উত্তৰ বৰপেটাৰোড ৰেলগেটৰ সন্মুখত এক উদ্ধোধনী অনুষ্ঠান অনুষ্...
গণ বাৰ্তা, শালবাৰী, ১ জানুৱাৰী: কংগ্ৰেছ নেতা ধীৰাজ দেউৰীৰ সভাপতিত্বত বৰপেটাৰোড উত্তৰ বৰপেটাৰোড ৰেলগেটৰ সন্মুখত এক উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ Association ৰ সাধাৰণ সম্পাদক ড° মেহবুবৰ ৰহমানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় সাম্প্ৰ্তিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ সমাজত নাৰী সকলৰ দুৰৰ্বলতাৰ সুযোগলৈ একাংশ দুষ্ট চক্ৰৰ লোকে চলাই থকা নিৰ্যাতন, ধৰ্ষণ, চুৰি, ডকাইতি আদিৰ দৰে ঘটনা সমুহক প্ৰতিহত্ কৰা তথা নিজকে আত্মৰক্ষা কৰিব পৰাকৈ পুৰুষ মহিলা উভয়ে সু-প্ৰ্শিক্ষণ দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰে৷ ইয়াৰ উপৰিও সাম্প্ৰতিক সময়ত ক্ৰীড়া জগতখনত এই খেল বিধ যথেষ্ঠ জনপ্ৰিয় হৈ উঠা লক্ষ্যৰে খেলত অংশগ্ৰহন কৰি এজন সু-নিপুন মাৰ্চালাৰ খেলুৱৈ হিছাপে গঢ়ি তোলাত প্ৰশিক্ষনাৰ্থিক যথেষ্ঠ প্ৰ্শিক্ষণ প্ৰ্দান কৰা হব বুলি প্ৰ্কাশ কৰে৷ উক্ত প্ৰ্তিষ্ঠানটোৰ নেতৃত্ব লোৱা প্ৰ্শিক্ষকে উক্ত কেন্দ্ৰত প্ৰ্শিক্ষণ প্ৰ্দান কৰি ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত যাতে উপনিত হৈ খেলুৱৈ সকলক এক সুন্দৰ পৰিচয় দিব পাৰে তাৰে পদক্ষেপ হাততলৈ এই প্ৰতিষ্ঠানটো উদ্ধোধন কৰা হয় বুলিও জানিবলৈ দিয়ে। উক্ত শুভ উদ্ধোধনি অনুষ্ঠানটোত উপস্থিত থাকি বহু কেইগৰাকী শিশুৰ সৈতে অভিবাৱকৰ আগত ভাষণ প্ৰদান কৰে Assam Mixed Martial Association ৰ সাধাৰণ সম্পাদক ড° মেহবুবৰ ৰহমান, Assam Mixed Martial Association ৰ সহ-সম্পাদক আকাশ মাথেউ। কংগ্ৰেছৰ নেতা ধীৰাজ দেউৰী, মাজগাঁও উচ্ছ মাধ্যমিক বিদ্যালয় অৱসৰ প্ৰাপ্ত শিক্ষক নজৰুল ইছলাম, জি এল চি মহাবিদ্যালয়ৰ প্ৰবক্তা ৰিজুৱানা পাৰবিন, বিশিষ্ট ব্যৱসায়ী বৰপেটাৰোড বিজয় খেমকা, ভাৰতীয় ৰেল সেৱা বিষয়া জয় প্ৰকাশ, সমাজ সচেতন নাগৰিক পংকজ মণ্ডল, ইয়াৰ উপৰিও অনুষ্ঠানটোত উপস্থিত চহৰখনৰ বহু সন্মানীয় ব্যক্তি।
No comments